• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিত অনিয়মৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 6:56 pm
116
VIEWS
Share on FacebookShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ আইনগত বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ এক জাননী জাৰি কৰিছে। আবেদনখনত অনুসন্ধান সমিতিৰ অনিয়মিত গঠন, সমিতিৰ অধ্যক্ষৰ অনুপযুক্ত নিযুক্তিকে আদি কৰি কেইবাটাও অনিয়মৰ অভিযোগ উত্থাপন কৰা হৈছে।

অভিযোগ অনুসৰি, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতি ক সমিতিৰ অধ্যক্ষ নিৰ্বাচনত হস্তক্ষেপ কৰি মন্ত্ৰণালয়ে দিয়া দুগৰাকী মনোনীত ব্যক্তিৰ মাজৰ পৰা বাছনি কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰোপৰি, আবেদনত উল্লেখ কৰা হৈছে যে উপাচাৰ্যৰ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা মন্ত্ৰণালয়ৰ হস্তক্ষেপে সংবিধানৰ বিধান আৰু সুপ্ৰীম কোৰ্টৰ নীতিসমূহ উলংঘা কৰিছে।

বিশ্ববিদ্যালয়ৰ পক্ষৰ অতিৰিক্ত সলিচিটৰ জেনেৰেল চেতন শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ ষ্টেণ্ডিং কাউন্সেল মনিকা অৰোৰাই ৱ্ৰিট পিটিছনটোৰ গ্ৰাহ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আবেদনকাৰীৰ আইনগত অধিকাৰ আৰু ব্যৱহাৰক প্ৰত্যাহ্বান কৰিছে। তেওঁলোকে ৰাষ্ট্ৰপতিক প্ৰদান কৰা চামাৰী নোটছৰ উল্লেখ কৰি এই নথিপত্ৰবোৰ আবেদনকাৰীৰ হাতলৈ কেনেকৈ পালেগৈ আৰু ইয়াৰ সত্যতাৰ প্ৰমাণ বিচাৰিছে। অৰোৰাই সংবিধানৰ অনুচ্ছেদ ৭৪(২)উদ্ধৃতি দাঙিধৰি কৰি ৰাষ্ট্ৰপতিক দিয়া মন্ত্ৰণালয়ৰ পৰামৰ্শৰ বিৰুদ্ধে ন্যায়িক পৰীক্ষা নিষিদ্ধ বুলি উল্লেখ কৰিছে।

আবেদনকাৰীৰ পক্ষৰ ড॰ অমিত জৰ্জে যুক্তি দৰ্শাই কয় যে যিকোনো নাগৰিকে ৰাজহুৱা স্বাৰ্থত আবেদন দাখিল কৰিব পাৰে আৰু উল্লিখিত নথিপত্ৰবোৰ বাতৰি, ওৱেবছাইটত সাৰ্বজনীনভাৱে উপলব্ধ আছিল।

ন্যায়াধীশ প্ৰতীক জালানে সকলো পক্ষক জাননী জাৰি কৰি  ১৬ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। উল্লেখ্য যে আবেদনখনত দাবী কৰা হৈছে যে প্ৰফেচৰ আছিফৰ নিযুক্তিত জামিয়া মিলিয়া ইছলামিয়া আইন ১৯৮৮ আৰু ইউজিচি নিয়মাৱলী ২০১৮ৰ বিধান উলংঘা কৰা হৈছে আৰু ইয়াক সংবিধানৰ অনুচ্ছেদ ২২৬ৰ অধীনত বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd