দিল্লী মহিলা আয়োগৰ পৰা হঠাৎ ২২৩ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰিলে লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই, ক্ষুব্ধ স্বাতী মালিৱাল

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই হঠাতে দিল্লী কমিছন ফৰ উইমেনৰ ২২৩ জন কৰ্মচাৰীক বৰ্খাস্ত কৰে। আৱশ্যকীয় অনুমতি অবিহনে অবৈধভাৱে তেওঁলোকক নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপন কৰি বৰ্খাস্ত কৰে ছাক্সেনাই।

আনহাতে, এই অবৈধ নিযুক্তিৰ বাবে আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালক সমগ্ৰ ঘটনাৰ প্ৰধান অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত আম আদমী পাৰ্টিয়ে স্বাতী মালিৱালক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিল। লক্ষ্যনীয়ভাবে আম আদমী পাৰ্টীত যোগদান কৰাৰ পিছতে এই অভিযোগ উত্থাপন হৈছে স্বাতী মালিৱালৰ বিৰুদ্ধে।

বৰ্খাস্ত সম্পৰ্কত লেফটেনেণ্ট গৱৰ্ণৰে জাৰি কৰা নিৰ্দেশনাত দিল্লী কমিছন ফৰ উইমেন এক্টৰ উদ্ধৃতি দি কোৱা হৈছে যে ইয়াত লেফটেনেণ্ট গৱৰ্ণৰৰ অনুমতি অবিহনে ২২৩টা নতুন পদ সৃষ্টি কৰি নিযুক্তি দিয়া হৈছে। আনকি এই নিযুক্তিৰ বাবে বিত্ত বিভাগৰ পৰাও অনুমোদন হোৱা নাছিল। ঠিকাভিত্তিক শ্ৰমিক নিযুক্তি দিয়াৰ অধিকাৰ আয়োগৰ নাই।

উল্লেখ্য, আপৰ সাংসদ হিচাপে ৰাজ্যসভালৈ মনোনীত হোৱাৰ পূৰ্বে স্বাতী মালিৱাল ৯ বছৰ ধৰি দিল্লী মহিলা আয়োগৰ অধ্যক্ষ আছিল।

লেফটেনেণ্ট গৱৰ্ণৰ এই নিৰ্দেশনা আৰু অভিযোগৰ পিছত ক্ষুব্ধ হৈ পৰিছে স্বাতী মালিৱাল। এক্স হেণ্ডেলত তেওঁ লিখিছে, “লেফটেনেণ্ট গৱৰ্ণৰে দিল্লী মহিলা আয়োগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীক অপসাৰণ কৰিবলৈ টোঘলকী নিৰ্দেশ দিছে। এই অনুষ্ঠানটো তেজ আৰু ঘামেৰে গঢ় লৈ উঠিছে। আপুনি ইয়াক সুৰক্ষা নিদিয়াকৈ ইয়াৰ শিপাৰে উভালি পেলাইছে?”

স্বাতী মালিৱালে কয় যে মই জীয়াই থকালৈকে মহিলা আয়োগ বন্ধ হ’বলৈ নিদিওঁ। মই জেললৈ যাবলৈও সাজু, কিন্তু নাৰীৰ ওপৰত অত্যাচাৰ নচলিব।