দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

বিজেপিৰ ভাত ঘৰৰ মানুহ হিচাবে পৰিচিত দিল্লীৰ উপ-ৰাজ্যপাল অনিল বাইজালে আজি আকস্মিক ভাবে পদত্যাগ কৰে।

ইতিমধ্যে বাইজালে তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ প্ৰেৰণ কৰিছে। দিল্লীৰ শাসকীয় দল আপৰ সৈতে সংঘাতত লিপ্ত হৈ এটা সময়ত সংবাদ শিৰোনাম দখল কৰা বাইজালে কি কাৰণত পদত্যাগ কৰিলে সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই।

তেওঁ “ব্যক্তিগত কাৰণ”ত পদত্যাগ কৰা বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখ্য বাইজালে নাজিব জঙৰ পদত্যাগৰ পিছত ২০১৬ চনৰ ডিচেম্বৰত দিল্লীৰ উপ-ৰাজ্যপাল হিচাবে দায়িত্ব গ্ৰহণ কৰিছিল৷ বাইজালৰ সৈতে দিল্লীৰ শাসনাধিষ্ঠিত আম আদমী পাৰ্টি (আপ) চৰকাৰৰ মতানক্যৈই শীৰ্ষত আৰোহণ কৰিছিল।

এনে সংঘাতৰ প্ৰসংগত ২০১৮ চনত উচ্চতম ন্যায়ালয়ে এইবুলি ৰায় দিছিল যে লেফটেনেণ্ট গভৰ্ণৰৰ স্বতন্ত্ৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই আৰু প্ৰকৃত ক্ষমতা নিৰ্বাচিত চৰকাৰৰ ওচৰত থাকিব লাগিব।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে ভূমি, আৰক্ষী আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় যিকোনো বস্তুৰ বাহিৰে, উপ ৰাজ্যপালৰ সংবিধানৰ অধীনত কোনো স্বতন্ত্ৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই৷

ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৬৯ চনৰ বেটছৰ বিষয়া বাইজালে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত কেন্দ্ৰীয় গৃহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু অন্যান্য মন্ত্ৰালয়তো গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল।

বাইজালে আপৰ চৰকাৰ খনক অস্থিৰ কৰি তুলিব পৰা নানান কামত লিপ্ত হৈছিল বুলি বহুতে মন্তব্য কৰিছিল।