DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পাশৱিক: দিল্লীত চাৰি বছৰীয়া কন্যা শিশুক ধৰ্ষণ দুৰ্বৃত্তৰ, ধৰ্ষণ কৰি নিশা পেলাই থৈ গ’ল উদ্যানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 11:59 am
Child raped in Delhi
107
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া মুঠেই সুৰক্ষিত নহয় নাৰী। কেৱল প্ৰাপ্তবয়স্ক মহিলাই নহয়, দুৰ্বৃত্তৰ বিকৃত যৌন মানসিকতাৰ পৰা সুৰক্ষা নাই কন্যা শিশুৰো। দেশৰ ৰাজধানী দিল্লীতে নিৰাপত্তাৰ আশংকাত ভুগিবলগীয়া হৈছে শিশুৰ পৰা বৃদ্ধা মহিলালৈকে। ৰাজধানী চহৰখনত ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে শেহতীয়াকৈ এটি চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণৰ ঘটনা।

যোৱা সপ্তাহৰ বুধবাৰে এক দুৰ্বৃত্তৰ কামনাৰ বলি হ’বলগীয়া হৈছে চাৰি বছৰীয়া শিশুটি। কেৱল সিমানেই নহয়, এই পাশৱিক আতিশয্য চলোৱাৰ পাছত অভিযুক্তই ওৰে ৰাতিটো এখন উদ্যানৰ কাষত পেলাই থৈ যায় শিশুটিক।

দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, যোৱা সপ্তাহত নিৰাপত্তাৰক্ষীৰ কেমেৰাৰ ফুটেজত বন্দী হৈছিল অভিযুক্ত ব্যক্তিগৰাকীয়ে শিশুটিক লৈ যোৱাৰ দৃশ্য বন্দী হৈছিল। এই ফুটেজৰ আধাৰত আৰক্ষীয়ে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

ধৃত অভিযুক্তগৰাকীক অনিল পাঠক বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ধৃত পাঠকক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। ইফালে এই বৰ্বৰ আতিশয্যৰ বলি হোৱা শিশুটিয়ে সম্প্ৰতি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দৈনিক মজুৰি কৰা এগৰাকী শ্ৰমিকৰ সন্তান শিশুটিয়ে ঘৰৰ বাহিৰত খেলি থকাৰ পৰাই অপহৰণ কৰে অনিল পাঠকে। ইফালে নিৰুদিষ্ট হোৱা সন্তানক বিচাৰি পিতৃ-মাতৃয়ে কাষৰীয়া অঞ্চলত চলাথ কৰে যদিও নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে শিশুটিৰ সন্ধান উলিওৱাৰ বাবে তিনিটা দল গঠন কৰে আৰু শিশুটিৰ ফটো আন আৰক্ষী থানালৈও প্ৰেৰণ কৰে। গোটেই নিশা অনুসন্ধান অব্যাহত থকাৰ পাছত বৃহস্পতিবাৰে পুৱা ৭ বজাত এখন উদ্যানৰ সমীপত শিশুটিক উদ্ধাৰ কৰা হয়।

শিশুটিক উদ্ধাৰ কৰাৰ পাছতে ততাতৈয়াকৈ চিকিৎসা পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত চিকিৎসকে শিশুটিক ধৰ্ষণ কৰা বুলি নিশ্চিত কৰে।

ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণ আৰু অপহৰণৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO)ৰ অধীনত গোচৰ ৰুজু কৰিছে। দিল্লী মহিলা আয়োগেও ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd