এইচ আই ভি সংক্ৰমণ ৰোধৰ বাবে তেওঁ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দিনৰ পিছত দিন ড্ৰাগছ সেৱন কৰি আছিল। ইয়াৰ পিছত পাৰ্শ্বক্ৰিয়া আৰম্ভ হ’ল। বৰ্তমান দিল্লীৰ এজন ৪৫ বছৰীয়া যুৱকে চিকিৎসালয়ত প্ৰাণ ৰক্ষাৰ বাবে যুঁজি আছে।
তেওঁ দাবী কৰে যে তেওঁক এআই চেটিং প্লেটফৰ্মৰ পৰা এই ঔষধ ল’বলৈ পৰামৰ্শ দিয়া হৈছিল, যিটো তেওঁ কোনো প্ৰেছক্ৰিপচন নোহোৱাকৈ ওচৰৰ দোকানৰ পৰা কিনি আনিছিল। সেই ঔষধৰ দোকানৰ কৰ্মচাৰীয়েও কেনেকৈ কোনো প্ৰেছক্ৰিপচন নোহোৱাকৈ যুৱকক ঔষধ দিছিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
সূত্ৰ অনুসৰি, এইচ আই ভি প্ৰতিৰোধৰ বাবে এই ঔষধ সেৱনৰ পিছত তেওঁ ‘ষ্টিভেন জনছন চিণ্ড্ৰম’ত আক্ৰান্ত হয়। ইয়াৰ ফলত ছালত ফোহা ওলায়। মুখ, চকু, যৌনাংগ আদিও আক্ৰান্ত হৈছিল।
এইচ আই ভি সংক্ৰমণৰ সংস্পৰ্শৰ বিষয়ে জনাৰ ৭২ ঘণ্টাৰ ভিতৰত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ‘পষ্ট এক্সপ’জাৰ ড্ৰাগছ’ দিয়া হয়। এই ক্ষেত্ৰত যাৰ জৰিয়তে বা যি বেজীৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছিল তাৰ ৰিপৰ্ট যদি নিগেটিভ আহে তেন্তে ঔষধটো তৎক্ষণাত বন্ধ কৰি দিয়া হয়।
গুৰুতৰ অৱস্থাত যুৱকজনক ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এআইৰ পৰামৰ্শ অনুসৰি যুৱকজনে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ একেৰাহে ২৮ দিন এইচ আই ভি সংক্ৰমণ ৰোধৰ বাবে এই ঔষধ সেৱন কৰিছিল। ইয়াৰ পিছত তেওঁৰ ছালত ফোহা বা পিম্পল দেখা দিয়ে।
আৰ এম এল হাস্পতাললৈ নিয়াৰ পূৰ্বে যুৱকজন আৰু তেওঁৰ পৰিয়ালে কেইবাখনো চিকিৎসালয়লৈ যায়। চিকিৎসকে কয় যে তেওঁৰ অৱস্থা সংকটজনক। বৰ্তমান এই ঔষধৰ প্ৰতিক্ৰিয়া ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিশেষজ্ঞসকলে এইচ আই ভি প্ৰতিৰোধৰ বাবে চিকিৎসকৰ পৰা কঠোৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় বুলি সকীয়াই দিছে। কেৱল এই ক্ষেত্ৰতে নহয়, অন্যান্য ৰোগতো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ সেৱন নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।




