যুদ্ধংদেহি ৰূপত আপ-বিজেপি সদস্য! ৰণথলীত পৰিণত শপতগ্ৰহণ অনুষ্ঠান

Delhi MCD

দিল্লী পৌৰ নিগমৰ নৱনিৰ্বাচিত কাউন্সিলাৰৰ শপত গ্ৰহণ অনুষ্ঠান আজি পৰিণত হয় ৰণথলীত। দিল্লী পৌৰ নিগম দখল কৰা আপ আৰু বিজেপিৰ নৱনিৰ্বাচিত কাউন্সিলাৰসকলৰ মাজত আজি শপতগ্ৰহণ অনুষ্ঠানতে সৃষ্টি হয় সংঘৰ্ষৰ।

প্ৰথমে প্ৰতিবাদ তথা পৰস্পৰক আক্ৰমণ কৰি কৰা শ্ল’গানেৰে আৰম্ভ হোৱা এই অস্বাভাৱিক পৰিস্থিতি পিছত শাৰীৰিক আক্ৰমণলৈ পৰ্যবসিত হয়। প্ৰকাশিত এক ভিডিঅ’ত আপ আৰু বিজেপিৰ কাউন্সিলাৰসকলে পাৰস্পৰিক আক্ৰমণে শপতগ্ৰহণস্থলী বিশৃংখল কৰি তোলা দেখিবলৈ পোৱা গৈছে।

দিল্লী পৌৰ নিগমৰ চিভিক চেণ্টাৰত প্ৰিজাইডিং অফিচাৰ তথা বিজেপিৰ কাউন্সিলাৰ সত্য শৰ্মাই আপৰ কাউন্সিলাৰৰ পূৰ্বে এলডাৰমেন আৰু বিজেপি সদস্য সকলক শপত গ্ৰহণ কৰাবলৈ আৰম্ভ কৰাৰ পিছতে প্ৰতিবাদ আৰম্ভ হয়। এই কাৰ্যৰ বিৰোধিতা কৰি আপে নিৰ্বাচিত সদস্যৰ পূৰ্বে মনোনীত সদস্যসকলে শপত গ্ৰহণ কৰা কাৰ্য অবৈধ বুলি দাবী কৰে।

আজিৰ পৰা দিল্লী হাউছৰ নৱনিৰ্বাচিত পৌৰ নিগমৰ প্ৰথমখন বৈঠক আৰম্ভ হৈছে। বৈঠকত উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ১০ গৰাকী এলডাৰমেন নিযুক্তি দিয়াক লৈ দুয়োটা দলৰ কাউন্সিলাৰসকলৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। মেয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই স্থগিত ৰখা হৈছিল দিল্লী পৌৰ নিগম হাউছ।

প্ৰিজাইডিং অফিচাৰ সত্য শৰ্মাই এলডাৰমেন মনোজ কুমাৰক শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছতে আপৰ বিধায়ক আৰু কাউন্সিলাৰসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। আপ সদস্যসকলে সদনৰ সমুখভাগত একগোট হৈ প্ৰতিবাদী শ্ল’গান আওৰাই প্ৰতিবাদ গঢ়ি তোলে।

এই প্ৰতিবাদত শপতগ্ৰহণ বন্ধ হৈ পৰে। ইয়াৰ পাছতে বিজেপিৰ কাউন্সিলাৰসকলেও নিজ আসনৰ পৰা উঠি আহি আপৰ সদস্যসকলৰ সৈতে বাকবিতণ্ডাত লিপ্ত হয়। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ অহাৰ পিছতে দুয়োদলৰ কেইবাগৰাকীও সদস্যই শপত গ্ৰহণ স্থলীতে দৈহিক আক্ৰমণো কৰে।

 

উল্লেখ্য যে, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই বৃহস্পতিবাৰে সদনৰ প্ৰথমখন বৈঠকৰ বাবে বিজেপিৰ কাউন্সিলাৰ সত্য শৰ্মাক প্ৰিজাইডিং অফিচাৰ হিচাপে মনোনীত কৰিছিল। ছাক্সেনাৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছিল আপে।