নিৰ্বাচনী বণ্ডত সংগ্ৰহ কোটি কোটি টকা; বিজেপিৰ বিৰুদ্ধে ‘বিস্ফোৰণ’ আপৰ, কেজৰিৱালৰ বিশেষ বাৰ্তা

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। শনিবাৰে (২৩ মাৰ্চ, ২০২৪) দলটোৱে দাবী কৰে যে দিল্লীত সংঘটিত সুৰা কেলেংকাৰীৰ অভিযোগত অভিযুক্ত প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে বিপুল ৰাজনৈতিক অনুদান লাভ কৰিছে।

দলৰ উদ্যোগত আয়োজিত এক সংবাদমেলত আপৰ মন্ত্ৰী তথা দলৰ নেতা আতিশীয়ে কয় -“এই গোচৰৰ ‘মানি ট্ৰেইল’ এতিয়া পোহৰলৈ আহিছে। সকলো টকা ভাৰতীয় জনতা পাৰ্টিৰ একাউণ্টলৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ সোঁহাত বলবৎকাৰী সঞ্চালকালয় (ইডি)ক এই গোচৰত বিজেপিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছো।‘’

লগতে পঢ়কঃ অভিনয়ে আমুৱালে! এইবাৰ ৰাজনীতিলৈ মন মেলিছে উৰ্বশী ৰাউটেলাই?

আতিশীয়ে কয়, ‘আৱকাৰী দুৰ্নীতিৰ অভিযোগত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। এজন ব্যক্তিৰ বক্তব্যৰ ভিত্তিতহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই ব্যক্তিজনৰ নাম শৰৎ চন্দ্ৰ ৰেড্ডী, যিজনৰ এটা ঔষধ নিৰ্মাণ কোম্পানী আছে। অৰবিন্দ ফাৰ্মা। তেওঁৰ আন কোম্পানীও আছে। দিল্লীৰ আবকাৰী নীতিৰ জৰিয়তে শৰৎ চন্দ্ৰ ৰেড্ডীয়েও কিছু দোকান অধিগ্ৰহণ কৰে। তেওঁক সোধা-পোছাৰ বাবেও মাতি অনা হয় আৰু স্পষ্টকৈ কয় যে তেওঁ কেতিয়াও কেজৰিৱালক লগ পোৱা নাই আৰু আপৰ সৈতেও কোনো সম্পৰ্ক নাই। তেওঁৰ বক্তৱ্যৰ পিছদিনাই ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ নিজৰ বক্তব্য সলনি কৰিলে। ইডিক তেওঁ কয় যে তেওঁ কেজৰিৱালক লগ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে সুৰা কেলেংকাৰিৰ বিষয়ে কথা পাতিছিল। সেয়া কেৱল এটা বক্তব্যহে, কিন্তু দুৰ্নীতিৰ প্ৰমাণ ক’ত?”

আপৰ সংবাদমেলৰ সময়ত আতিশীয়ে দাবী কৰে যে শৰৎ ৰেড্ডীৰ সংগঠনে প্ৰথমে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক ৪.৫ কোটি আৰু গ্ৰেপ্তাৰৰ পিছত ৫৫ কোটি টকা বিজেপিক প্ৰদান কৰিছিল।

তেওঁ কয়, ‘মই প্ৰধানমন্ত্ৰী মোডী আৰু ইডিক প্ৰত্যাহ্বান জনাইছো যে সুৰা কেলেংকাৰীত এতিয়া আৰ্থিক দুৰ্নীতি পোহৰলৈ আহিছে।’ বিজেপিৰ সভাপতি জে পি নাড্ডাক ইডিয়ে গ্ৰেপ্তাৰ কৰিব লাগে।

লগতে পঢ়কঃ এইবাৰৰ হোলী উৎসৱ বাতিল! কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত মোডীৰ বাসগৃহ ঘেৰাও কৰিব আপে

আপে কয়, ‘শ শ অভিযান আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছতো কোনো নেতাৰ পৰা এটকাও উদ্ধাৰ হোৱা নাই। তেন্তে আৰ্থিক জালিয়াতিৰ বিষয়টো কেনেদৰে পোহৰলৈ আহিল উচ্চতম ন্যায়ালয়ে ইডিৰ পৰা সেয়া জানিবলৈ বিচাৰিছে।

ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰেৰণ কৰা এক বাৰ্তা পাঠ কৰি শুনাইছে সুনীতা কেজৰিৱালে। তাত কেজৰিৱালে কৈছে “ভাৰতৰ ভিতৰত আৰু বাহিৰত কেইবাটাও শক্তিয়ে দেশক দুৰ্বল কৰি তুলিছে। আমি সজাগ হ’ব লাগিব, এই শক্তিক চিনাক্ত কৰি পৰাস্ত কৰিব লাগিব…দিল্লীৰ মহিলাসকলে নিশ্চয় ভাবিছে যে কেজৰিৱাল জেলত আছে। তেওঁলোকৰ এহাজাৰ টকাটো পাবনে? মই তেওঁলোকক ক’ব বিচাৰো, ‘কোনো জেলে মোক বেছি দিন ধৰি ৰাখিব নোৱাৰে। মই সোনকালে ওলাই আহিম আৰু মোৰ প্ৰতিশ্ৰুতি পালন কৰিম।”