• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰৰ হোলী উৎসৱ বাতিল! কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত মোডীৰ বাসগৃহ ঘেৰাও কৰিব আপে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 23, 2024 11:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত বৃহৎ আন্দোলনৰ পথত নামিছে আম আদমি পাৰ্টিয়ে। এইবাৰ আপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও কৰাৰ আহ্বান দিছে। এই কাৰ্যসূচী অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব। একে সময়তে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত দলে হোলী উদযাপন নকৰে বুলিও জনাইছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী দুৰ্নীতিৰ গোচৰত বৃহস্পতিবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে আদালতে তেওঁক ৬ দিনৰ বাবে ইডিৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে হাই প্ৰফাইল গোচৰৰ শুনানি গ্ৰহণৰ সময়ত আদালত কক্ষত অধিবক্তাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোক উপচি পৰিছিল। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।

Apply Now

লগতে পঢ়কঃ বয়স মাত্ৰ ৪২ বছৰ! কৰ্কট ৰোগত আক্ৰান্ত ব্ৰিটিছ ৰাজপৰিয়ালৰ বোৱাৰী কেট মিডলটন; চলিছে কেমোথেৰাপি

ইপিনে, সমগ্ৰ ঘটনাটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰিছে আপে। কেজৰিৱালক গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা সমগ্ৰ দেশৰ ৰাজনীতিত তোলপাৰ লাগে।

শুকুৰবাৰে পুৱাৰে পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আপ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী চৰকাৰৰ মন্ত্ৰী তথা মুখপাত্ৰ গোপাল ৰায়ে এই আন্দোলন বৃহৎ পৰিসৰত লৈ যোৱাৰ পৰিকল্পনা ঘোষণা কৰিছে।

সংবাদ মাধ্যমৰ আগত আপ নেতাগৰাকীয়ে কয়, ‘‘এইবাৰ হোলী উৎসৱ নহয়। ২৫ মাৰ্চত আমি ৰাইজৰ ওচৰলৈ গৈ দেশত কি হৈ আছে সেই কথা জনাম। ২৬ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰা হ’ব।”

লগতে পঢ়কঃ মস্কোৰ কনচাৰ্ট হলত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; কমেও ৬০ জন নিহত, আহত শতাধিক

ইপিনে, তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে আদালতত আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, ইডিৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আদালতত দাবী কৰে যে কেজৰিৱালেই দিল্লী আবকাৰী নীতি কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড।

কেন্দ্ৰীয় সংস্থাটোৰ মতে, আবকাৰী দুৰ্নীতিৰ গোচৰত শ শ কোটি টকাৰ অবৈধ লেনদেন সংঘটিত হৈছে। আৰু সেই দুৰ্নীতিৰ মূল অভিযুক্ত হৈছে অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়া আৰু কে কবিতা।

দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশগৰাকীয়ে নিশা প্ৰায় ৮:৩০ বজাত দিল্লীৰ মুখ্যমন্ত্ৰীক ৬ দিনৰ বাবে ইডি জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

লগতে পঢ়কঃ IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান; ধৰাশায়ী বিৰাট বাহিনী

উল্লেখ্য যে বলবৎকাৰী সঞ্চালকালয়ে দিল্লী আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক দীৰ্ঘদিন ধৰি জেৰা কৰিব বিচাৰি আহিছে। বাৰে বাৰে চমন প্ৰেৰণ কৰাৰ পিছতো ইডিৰ চমনৰ কোনো উত্তৰ নিদিলে আপৰ মুৰব্বীগৰাকীয়ে। বৰঞ্চ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। একেৰাহে দুদিন তেওঁক সুৰক্ষা দিবলৈ অস্বীকাৰ কৰে আদালতে। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত হাজিৰ হয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা। নিশাই ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd