ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ গইনা লৈ বহুতেই সহজে ধন ঘটাৰ বাট মোকলাই লৈছে।
কোনোৱাই যদি নকল ছেনিটাইজাৰ বিক্ৰী কৰি ধন ঘটিছে কোনোৱাই আকৌ নকল আৰক্ষীৰ ৰুপতো ধন ঘটাৰ বাট উলিয়াই লৈছে।
ক’ৰ’ণা ভাইৰাছৰ আতংকৰ সুযোগ লৈ এগৰাকী মহিলাই নিজকে দিল্লী আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাবে চিনাকি দি বহু ধন ঘটিলে।
তামান্না জাহান নামৰ এই গৰাকী মহিলাই ৰাতি পুৱালেই দিল্লীৰ বিভিন্ন স্থানত ৰৈ থাকে আৰু মাস্ক নিপিন্ধা লোক সকলক ৰখাই তেওঁলোকৰ পৰা ৫০০ টকাৰ জৰিমনা আদায় কৰে।
জৰিমনা আদায়ৰ পিছত মহিলা গৰাকীয়ে ৰচিদৰ নামত যিখন কাগজ দিয়ে সেইখনো ভুৱা। দিল্লী আৰক্ষীৰ চীল-মোহৰ মৰা কাগজ খনকলৈ কোনেও সন্দেহ কৰাৰ অৱকাশ নাছিল যদিও তামান্নাৰ দিন হয়তো শেহতীয়াকৈ বেয়া আছিল।
সেইবাবেই দিল্লীৰ তিলক নগৰত মাস্ক নিপিন্ধা লোকৰ পৰা জৰিমনা আদায় কৰি থাকোতেই লোক এজনৰ সন্দেহ ওপজে।
লোকজনে লগে লগে তিলক নগৰ আৰক্ষী থানাত ফোন কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নকল আৰক্ষী তামান্না জাহানক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ আগত তামান্নাই স্বীকাৰ কৰিছে তেওঁৰ দোষৰ কথা।