• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সহপাঠীসহ JNUত অধ্যয়নৰত অসমৰ ‘কা’ বিৰোধী ছাত্ৰীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2020 1:58 pm

2 min read

Anti-CAA violence: Delhi police file chargesheet against Devangana Kalita & 11 others

দেবাংগনা কলিতা আৰু নাটাশা নাৰৱাল। উৎস ইণ্টাৰনেট

821
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে শনিবাৰে (২৩ মে’) জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ এগৰকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰে।

তেওঁৰ সৈতে আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰীকো একেটা অভিযোগতে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰী দুগৰাকীৰ নাম দেবাংগনা কলিতা আৰু নাটাশা নাৰৱাল। দুয়োগৰাকী দিল্লীৰ পিঞ্জৰা তৌড় নামৰ এটা ছাত্ৰী গোটৰ সদস্য।

উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত যোৱা ফেব্ৰুৱাৰিত ‘কা’ বিৰোধী এক অৱস্থান ধৰ্মঘট সংগঠিত কৰাৰ অভিযোগত ছাত্ৰী দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয় বুুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে জাফ্ৰাবাদৰ উক্ত অৱস্থান ধৰ্মঘটৰ পিছত ২৩ ফেব্ৰুৱাৰিত বিজেপি নেতা কপিল মিশ্ৰই ‘কা’ৰ সমৰ্থনত এক ৰেলী অনুষ্ঠিত কৰিছিল। উক্ত ৰেলীৰ এদিন পিছতে উত্তৰ-পূব দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে ‘জাফ্ৰাবাদৰ অৱস্থান ধৰ্মঘট সম্পৰ্কত ইতিপূৰ্বে এখন এজাহাৰ দাখিল হৈ আছিল। যুৱতী দুগৰাকীক ভাৰতীয় দণ্ডবিধিৰ ১৮৬ আৰু ৩৫৩ ধাৰাৰ অধীনত গ্ৰপ্তাৰ কৰা হয়।’

পিঞ্জৰা তৌড়ৰ এক বিবৃতিত কয়, ‘জাফ্ৰাবাদ আৰক্ষীয়ে ৰুজু কৰা এখন এজাহাৰৰ ভিত্তিত তেওঁলোকক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোক বৰ্তমান জাফ্ৰাবাদ আৰক্ষী থানাত আছে। আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালৰ লোকক গ্ৰেপ্তাৰৰ কাৰণ জনোৱা নাই।‘

‘দিল্লী আৰক্ষীয়ে যোৱা কেইটামান মাহত বহু ছাত্ৰ-ছাত্ৰী আৰু সংগঠনৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। গণতন্ত্ৰৰ হকে মাত মতা কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্টই এইদৰে হাৰাশাস্তি কৰি থকাটোক আমি নিন্দা কৰিছো আৰু ছাত্ৰ সমাজ আৰু গণতান্ত্ৰিক মনৰ সকলো নাগৰিকক এই দমনৰ বিৰুদ্ধে নিজক সতৰ্ক আৰু সবল ৰাথিবলৈ আহ্বান জনাইছো।‘ বিবৃটোত লগতে কোৱা হয়।

দিল্লী আৰক্ষীয়ে ‘ভুৱা অভিযোগ’ জাপি এইদৰে গ্ৰেপ্তাৰ কৰা ‘কা’ বিৰোধী প্ৰতিবাদকাৰী সকলক মুকলি কৰি দিবলৈ মানৱ অধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেল, বিভিন্ন ছাত্ৰ সংগঠন, শিক্ষক সংস্থা, নাগৰিক সমাজকে ধৰি দেশৰ সচেতন মহলে দাবী জনাইছে।

উল্লেখযোগ্য যে কালি গ্ৰপ্তাৰ কৰা দেবাংগনা কলিতা JNUৰ চেণ্টাৰ ফৰ ৱ’মেন ষ্টাডিছ আৰু নাটাশা নাৰৱাল চেণ্টাৰ ফৰ হিষ্ট’ৰিকেল ষ্টাডিছৰ ছাত্ৰী। ছ’চিয়েল মিডিয়াত অসমৰ লগতে দেশৰ বিভিন্নজনে ছাত্ৰী দুগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক গৰিহণা দিয়াৰ লগতে তেওঁলোকক মুকলি কৰি দিবলৈ দাবী জনায়।

Recent News

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd