দিল্লীৰ লাডাখ ভৱনৰ সমীপত পৃথক ৰাজ্যৰ দাবীত জলবায়ু কৰ্মী সোণম ৱাংচুকে প্ৰায় ৮ দিন ধৰি অনশন কৰি আছে। তেওঁৰ সৈতে এই প্ৰতিবাদী কাৰ্যসূচীত ২০-২৫ জন লোকে অংশ গ্ৰহণ কৰে।
দেওবাৰে লাডাখ ভৱনৰ সন্মুখৰ পৰা সোণমসহ ২০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, আইন-শৃংখলা বজাই ৰাখিবলৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।
লাডাখক সুকীয়া ৰাজ্য হিচাপে মৰ্যাদা দিয়াৰ দাবীত বহুদিন ধৰি যুঁজ দি আহিছে সোণম ৱাংচুকে।
লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত লাডাখক সম্পূৰ্ণ ৰাজ্যিকত্ব প্ৰদান কৰা, লেহ আৰু কাৰ্গিলৰ বাবে সুকীয়া লোকসভা আসনৰ ব্যৱস্থা কৰা, লাডাখৰ বাবে সুকীয়া লোকসেৱা আয়োগ গঠন কৰা আদি কেইবাটাও দাবীৰে যোৱা দেওবাৰে অনশনত বহিছিল সোণম ৱাংচুকে।
প্ৰথমতে দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত ধৰ্ণাত বহিব বিচাৰিছিল প্ৰতিবাদী দলটোৱে। কিন্তু অনুমতি নোপোৱাৰ পিছত দিল্লীৰ লাডাখ ভৱনৰ সন্মুখত অনিৰ্দিষ্টকাললৈ অনশন আৰম্ভ কৰে। কিন্তু দেওবাৰে দুপৰীয়াৰ ভাগত আৰক্ষী মোতায়েন কৰাৰ লগতে সোণমকে ধৰি প্ৰায় ২০জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি আন্দোলনকাৰীয়ে যন্তৰ মন্তৰৰ সন্মুখত অনশন কৰি বহিবলৈ অনুমতি বিচাৰিছিল। সেই অনুমতি সম্পৰ্কে আলোচনা চলি আছে। কিন্তু লাডাখ ভৱনৰ সন্মুখত এনেদৰে অনশন কৰি বহিবলৈ তেওঁলোকৰ কোনো অনুমতি নাছিল। আমি কেইজনমানক গ্ৰেপ্তাৰ কৰিছো। পিছত মুকলি কৰি দিয়া হ’ব।
উল্লেখ্য যে আন্দোলনকাৰীসকল লেহৰ পৰা খোজকাঢ়ি দিল্লীলৈ আহিছিল। ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত তেওঁলোকক সিংহু সীমান্তৰ সমীপত আটক কৰি ৰখা হৈছিল। পিছত ২ অক্টোবৰত সোণমকে ধৰি বাকীকেইজনক মুকলি কৰি দিয়া হয়।