অসমৰে সম্পৰ্ক! ৫,০০০ গাড়ী চুৰি কৰা দেশৰ আটাইতকৈ কুখ্যাত গাড়ী চোৰটোক ধৰিলে দিল্লী আৰক্ষীয়ে

Delhi Police arrests India’s biggest car thief আৰক্ষীৰ জালত পৰিছে দেশৰ আটাইতকৈ কুখ্যাত গাড়ী চোৰটো। তেওঁৰ বিৰুদ্ধে ৫,০০০ তকৈও অধিক গাড়ী চুৰি কৰাৰ অভিযোগ আছে। সেই কুখ্যাত গাড়ী চোৰ অনিল চৌহানক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

৫২ বছৰীয়া অনিলে গাড়ী চুৰিৰ ধনেৰে বিলাসী জীৱন যাপন কৰিছিল। দিল্লী, মুম্বাই আৰু উত্তৰ-পূব ভাৰতত তেওঁৰ কেইবাটাও সম্পত্তি আছে। তিনিগৰাকী পত্নী আৰু আছে সাতোটা সন্তান। আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত অনিলৰ পৰা ছয়টা পিষ্টল আৰু সাত ৰাউণ্ড গুলী উদ্ধাৰ কৰিছে।

লগতে পঢ়ক: Kartavya Path: দিল্লীৰ ৰাজপথ আৰু চেন্ট্ৰেল ভিষ্টা লনৰ নাম সলনি কৰিলে মোডী চৰকাৰে

আৰক্ষীয়ে দাবী কৰা মতে অনিল হৈছে দেশৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ। অনিলৰ বিৰুদ্ধে যোৱা ২৭ বছৰত ৫,০০০ তকৈও অধিক গাড়ী চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰীয় দিল্লী আৰক্ষীৰ এটা বিশেষ দলে দেশবন্ধু গুপ্তা ৰোডৰ পৰা অনিলক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা গৈছে যে অনিল বৰ্তমান অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ উত্তৰ প্ৰদেশৰ পৰা উত্তৰ-পূব ভাৰতৰ নিষিদ্ধ সংগঠনসমূহলৈ অবৈধ অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগ অনা হৈছে।

অনিল চৌহানে দিল্লীৰ খানপুৰ অঞ্চলত এখন অটো চলাইছিল। ১৯৯৫ চনত তেওঁ গাড়ী চুৰি কাৰ্য আৰম্ভ কৰিছিল।

লগতে পঢ়ক: Priti Patel: লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতেই ব্ৰিটেইনৰ গৃহ সচিব প্ৰীতি পেটেলৰ পদত্যাগ

তেওঁ বহুতো মাৰুতি ৮০০ মডেলৰ গাড়ী চুৰি কৰিছিল বুলি অভিযোগ কৰা হৈছে । দেশৰ বিভিন্ন প্ৰান্তত চৌহান সক্ৰিয় আছিল। তেওঁ চুৰি হোৱা গাড়ীবোৰ জম্মু-কাশ্মীৰ, উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্য আৰু নেপাললৈ সৰবৰাহ কৰিছিল।

চৌহানে গাড়ী চুৰি কৰা অৱস্থাত কেইবাজনো টেক্সি চালককো হত্যা কৰিছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে। এসময়ত তেওঁ অসমত আছিল। তেওঁ অসমৰ শোণিতপুৰ জিলাত আছিল আৰু ১৯৯৮ চনত বাহন চুৰি কৰা আৰম্ভ কৰিছিল।

অনিলে চুৰি হোৱা ধনেৰে দিল্লী, মুম্বাই আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পত্তি ক্ৰয় কৰিছিল। আৰক্ষীৰ উপৰিও ইডিয়ে অনিলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে প্ৰায় ১৮০ টা গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক: অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি; ডাইনী সন্দেহত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা

তেওঁক পূৰ্বে কেইবাবাৰো গ্ৰেপ্তাৰো কৰা হৈছিল। অনিলে অসমত প্ৰথম শ্ৰেণীৰ চৰকাৰী ঠিকাদাৰ হিচাপেও কাম কৰিছিল। ৰাজ্যখনৰ ডাঙৰ ৰাজনৈতিক নেতাসকলৰ সৈতেও পৰিচিত আছিল অনিল চৌহান।