• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি; ডাইনী সন্দেহত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2022 8:33 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

195
VIEWS
Share on FacebookShare on Twitter

ঝাৰখণ্ডত ২০০০ চনৰ পৰা প্ৰায় ১,০০০ লোকক ডাইনীৰ সন্দেহত প্ৰহাৰ কৰি হত্যা কৰা হৈছে। ঝাৰখণ্ড আৰক্ষীৰ প্ৰতিবেদন অনুসৰি এই এহাজাৰ লোকৰ ভিতৰত ৯০ শতাংশই হৈছে মহিলা। হিচাপ কৰিলে প্ৰতিদিনে গড়ে ৩জনকৈ লোক এনে ঘটনাৰ বলি হৈছে।

যি সময়ত মানুহ মহাকাশলৈ গৈছে সেই সময়ত একাংশ মানুহ এতিয়াও অন্ধবিশ্বাসত বুৰ গৈ আছে। কিছুমান মিছা অভিযোগ আৰু শিক্ষাৰ অভাৱৰ বাবে মানুহে ইজনে সিজনৰ জীৱন কাঢ়ি লৈছে।

লগতে পঢ়ক: ‘কুমাৰীত্বৰ পৰীক্ষা’ত ব্যৰ্থ হোৱা বাবেই মহিলাক ১০ লাখ টকাৰ জৰিমনা খাপ পঞ্চায়তৰ

শেহতীয়াকৈ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এনে এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ৰাঁচীৰ ৰাণাদি নামৰ এখন গাঁৱত সংঘটিত হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সাপে কামোৰাৰ পিছত ৰাজকিশোৰ মুণ্ডা নামৰ এজন ল’ৰাক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ পৰিৱৰ্তে গাওঁবাসীয়ে বেজৰ ওচৰলৈ লৈ যায়। বেজে জাৰি-ফুকি ৰাজকিশোৰক বচাবলৈ চেষ্টা কৰে যদিও তেওঁ বিফল হয়।

বেজৰ দাবী যে গাওঁখনৰ ওপৰত ডাইনীসকলৰ কুদৃষ্টি পৰিছে। তেওঁ লগতে কয় যে গাওঁখন ডাইনীসকলৰ অভিশাপৰ দ্বাৰা অভিশপ্ত হৈ পৰাৰ বাবে ল’ৰাজনক বচাব পৰা নগ’ল।

লগতে পঢ়ক: দিল্লীত পুনৰ অপাৰেছন লোটাছৰ কুচকাৱাজ বিজেপিৰ! আজি সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুক

কেইদিনমানৰ পিছত একেখন গাঁৱতে আন এটা শিশুক সাপে কামোৰে। কিন্তু এইবাৰ শিশুটোক চিকিৎসা কৰি সুস্থ কৰি তোলা হয়। এই ঘটনাৰ পিছত গাওঁবাসীসকল নিশ্চিত হয় যে গাওঁখনত ডাইনীসকলৰ কুদৃষ্টি আছে।

ইয়াৰ পিছতেই গাওঁখনৰ বাসিন্দাই ৪৫ বছৰীয়া ৰাইলু দেৱী, ৬০ বছৰীয়া ধোলি দেৱী আৰু আলমণি দেৱীক ডাইনী সন্দেহত লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে। জানিব পৰা মতে মৃতসকলৰ এগৰাকীৰ স্বামী আৰু পুত্ৰও ঘটনাটোত জড়িত হৈ আছে।

স্থানীয় আৰক্ষীয়ে খবৰটো পোৱাৰ লগে লগে ততাতয়াকৈ ঘটনাস্থলীত গৈ উপস্থিত হয়। কিন্তু গাওঁখনত প্ৰৱেশ কৰাৰ লগে লগে গাওঁবাসীয়ে তেওঁলোকক বাধা দিয়ে। তেওঁলোকে তদন্তত কোনো সহায় নকৰিলে। প্ৰশ্ন কৰিও কোনো উত্তৰ নাপালে।

লগতে পঢ়ক: নোবেল বিজয়ী সাংবাদিক মুৰাটভৰ বাতৰিকাকতৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰাছিয়াই

অৱশেষত ঝাৰখণ্ডৰ সোনাহাটু আৰক্ষী থানাৰ ওচৰৰ ৰাণাদি গাঁৱৰ এখন অৰণ্যত দুজনী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ব্যৱস্থা লোৱা হৈছে। বৰ্তমান গাওঁবাসীসকলৰ ওপৰত তীক্ষ্ণভাৱে দৃষ্টি ৰখা হৈছে তৃতীয়টো মৃতদেহৰ সন্ধানত অভিযান অব্যাহত আছে।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd