• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কুমাৰীত্বৰ পৰীক্ষা’ত ব্যৰ্থ হোৱা বাবেই মহিলাক ১০ লাখ টকাৰ জৰিমনা খাপ পঞ্চায়তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2022 7:12 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

185
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ ভিলৱাৰা জিলাত বলপূৰ্বকভাৱে অনুষ্ঠিত হোৱা কুমাৰীত্ব পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হোৱাৰ পিছত এগৰাকী ২৪ বছৰীয়া বিবাহিতা মহিলাক খাপ পঞ্চায়তে ১০ লাখ টকাৰ জৰিমনা বিহে। খাপ পঞ্চায়তৰ সভাতে মহিলাগৰাকীক তেওঁৰ শহুৰেকে প্ৰহাৰ কৰা বুলিও জানিব পৰা গৈছে।খাপ পঞ্চায়তে মহিলাগৰাকীৰ পৰিয়ালক এইদৰে ১০ লাখ টকাৰ জৰিমনা বিহা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য ১১ মে, ২০২২ত বাগোৰত বিবাহপাশত আৱদ্ধ হোৱা ২৪ বছৰীয়া ছোৱালী গৰাকীয়ে পূৰ্বে সহবাস কৰিছে নে নাই সেয়া নিৰ্ধাৰণ কৰিবলৈ “কুমাৰীত্বৰ পৰীক্ষা”  কৰা হৈছিল। বিবাহৰ পিছত সংসী জনজাতিৰ মহিলাগৰাকীক ১১ মে’ত ভিলৱাৰাত সমাজত “শুদ্ধিকৰণ ” কৰোৱা হৈছিল। ইয়াৰ পিছতে তেওঁৰ কুমাৰীত্বৰ পৰীক্ষা লোৱা হয়।

লগতে পঢ়ক: দিল্লীত পুনৰ অপাৰেছন লোটাছৰ কুচকাৱাজ বিজেপিৰ! আজি সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুক

আৰক্ষী বিষয়া সুৰেন্দ্ৰ কুমাৰে কয় যে ছোৱালীজনীক তেওঁৰ বিয়াৰ আগতে চুবুৰীয়াই ধৰ্ষণ কৰিছিল আৰু তেওঁ সুভাষ নগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। ধৰ্ষণৰ ঘটনাৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত আৰু পৰীক্ষাত বিফল হোৱাৰ পিছত, মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ শাহুৱেকে তেওঁক হাৰাশাস্তি, অত্যাচাৰ আৰু প্ৰহাৰ কৰিবলৈ ধৰে। খাপ পঞ্চায়তে ৩১ মে’ত স্থানীয় মন্দিৰত এখন সভা আহ্বান কৰি ৰাজহুৱাভাৱে মহিলাগৰাকীৰ পৰিয়ালক ১০ লাখ টকাৰ জৰিমনা বিহে।

কুমাৰে লগতে কয় যে মহিলাগৰাকীৰ শহুৰেক এগৰাকী হেড কনিষ্টবল আৰু ছোৱালীজনীৰ সৈতে সংঘটিত ঘটনাটোৰ বিষয়ে তেওঁ আগতে অৱগত আছিল।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮ ক (এগৰাকী মহিলাক বেআইনীভাবে দাবী পূৰণ কৰিবলৈ বাধ্য কৰা), ৩৮৪(ধন দাবী), ৫০৯ (মহিলাৰ শালীনতাক অপমান কৰা), আৰু ১২০ খ (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত শহুৰেকৰ বিৰুদ্ধে বাগোৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক: First inhaling Covid-19 vaccine: প্ৰথমখন দেশ হিচাপে কৰোনাভাইৰাছৰ ‘ইনহেলড’ ভেকচিনত অনুমোদন দিলে চীনে

ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাগৰাকীৰ কুমাৰীত্ব পৰীক্ষাক প্ৰতিক্ৰিয়াশীল, বিদ্বেষমূলক আৰু মানৱ অধিকাৰৰ উলংঘন বুলি অভিহিত কৰিছে।

Recent News

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd