কেজৰিৱালৰ ১৫ দফীয়া নীতিয়েও হ্ৰাস কৰিব পৰা নাই দিল্লীৰ প্ৰদূষণ

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এতিয়া প্ৰদূষণে ভয়াৱহ ৰূপ লৈছে। এনে সময়তে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে যদিও প্ৰদূষণ মুঠেও কমা নাই। উল্লেখ্য প্ৰদূষণে গ্ৰাস কৰা দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে প্ৰদূষণৰ মোকাবিলা কৰিবলৈ এক ১৫ দফীয়া কাৰ্যসূচী প্ৰকাশ কৰিছিল।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কিছুদিন পূৰ্বে এখন সংবাদমেলত কৈছিল যে শেহতীয়াকৈ দিল্লীত ১৮.৬ শতাংশ প্ৰদূষণ হ্ৰাস পাইছে।কিন্তু কেজৰিৱালৰ ঘোষণাৰ কেইদিনমানৰ পিছতে ৰাজধানী চহৰ খনত প্ৰদূষণে কালান্তক ৰূপ ধাৰণ কৰিছে।কেজৰিৱালে কৈছিল যে আপ চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ যোগান অব্যাহত ৰাখিছে। যাৰ ফলত জেনেৰেটৰ চলা নাই আৰু প্ৰদূষণ হ্ৰাস কৰাত ই সহায় কৰিছে।

নিৰ্মাণ ক্ষেত্ৰত হোৱা প্ৰদূষণৰ বাবে জৰিমনা আৰোপ কৰা হৈছে। এতিয়া সকলো পঞ্জীভুক্ত উদ্যোগে পিএনজি-পাইপযুক্ত প্ৰাকৃতিক গেছৰ সেউজ আৱৰণ ব্যৱহাৰ কৰে বাবে প্ৰদূষণ হ্ৰাস পাইছে। কেজৰিৱালে কয় যে ২০২০ চনত চৰকাৰে বৈদ্যুতিক বাহনৰ চলোৱাৰ সিদ্ধান্ত লৈছিল। ধুলি প্ৰদূষণ বিৰোধী অভিযান ৬ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছিল যদিও কোনো ফল দিয়া নাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আইআইটি-কানপুৰৰ সহযোগত বায়ুৰ মান নিৰীক্ষণ আৰু পূৰ্বানুমান কৰাৰ বাবে ৰাউজ এভিনিউত এটা চুপাৰচাইট স্থাপন কৰিছে।বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ হিচাপে পৰিগমিত হৈ পৰিছে দিল্লী। ইয়াত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭ মাইক্ৰ’গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১ গুণতকৈ অধিক।