ছেৰ’ ৰিপ’ৰ্ট হাতত লৈ স্তম্ভিত চৰকাৰঃ দিল্লীত ৪৭ লাখ লোক ক’ৰ’ণাত আক্ৰান্ত!

delhi_cwg_village_505_210720012425

যিটো সময়ত সমগ্ৰ দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১ লাখৰ বেছি হৈছে সেই সময়তে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে প্ৰায় ৪৭ লাখ!

কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিছে যদিও শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষাই তাকেই প্ৰমাণ কৰিছে।

ক’ৰ’ণা ভাইৰাছে মহাসংহাৰৰ সৃষ্টি কৰা নতুন দিল্লীত দিল্লী চৰকাৰ আৰু নেছনেল চেন্টাৰ ফৰ ডিজিজ ক’ন্ট্ৰলে চলাইছিল ছেৰ’ল’জিকেল ছাৰ্ভে।

১০ জুলাইৰ পৰা দিল্লীৰ ১১ খন জিলাতেই চলোৱা হৈছিল এই ছাৰ্ভে।

ছাৰ্ভেৰ সময়ত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হৈছিল তেজৰ নমুনা।

সেই ছাৰ্ভেৰেই ফলাফল আজি প্ৰকাশ পায়।

ছাৰ্ভেৰ সময়ত সংগ্ৰহ কৰা হৈছিল ২১,৩৮৭ টা  তেজৰ ৰেণ্ডম নমুনা।

নমুনা পৰীক্ষাৰ পিছত দেখা গ’ল যে দিল্লীৰ২৩.৮৪ শতাংশ লোকৰ দেহতেই আছে ক’ৰ’ণা ভাইৰাছৰ এন্টিবডি।

অৰ্থাৎ প্ৰায় ২ কোটি জনসংখ্যাৰ দিল্লীৰ ৪৭ লাখ লোকেই আক্ৰান্ত হৈছে ক’ৰ’ণা ভাইৰাছত।

অৱশ্যে তেওঁলোকৰ প্ৰায় ভাগেই লক্ষণহীন ৰোগী।

ছেৰ’ চাৰ্ভেৰ প্ৰতিবেদন হাতত লৈ এতিয়া সেয়ে স্তম্ভিত হৈ পৰিছে দিল্লীৰ চৰকাৰ।