যৌন সন্তুষ্টি দিব নোৱাৰাৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে!
বৃহস্পতিবাৰে ৰাজধানী দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে যৌন সুখ দিব নোৱাৰাৰ বাবেই এগৰাকী মহিলাই হত্যা কৰে নিজৰ স্বামীক। ইতিমধ্যে অভিযুক্ত মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ মতে, ২০ জুলাইৰ সন্ধিয়া প্ৰায় ৪.১৫ বজাত নিহাল বিহাৰ থানাত স্থানীয় এখন চিকিৎসালয়ৰ পৰা ফোন আহিছিল যে এগৰাকী মহিলাই মহম্মদ শ্বাহিদ নামৰ স্বামীক বহুবাৰ ছুৰীৰে আঘাত কৰি চিকিৎসালয়খনলৈ আনিছে। চিকিৎসালয় আহি পোৱাৰ লগে লগে লোকজনক মৃত ঘোষণা কৰা হয়।
ইফালে, আৰক্ষী চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামীয়ে নিজকে ছুৰীৰে আঘাত আত্মহত্যা কৰিছে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই আঘাত ব্যক্তিজনে নিজেই কৰা কৰা নহয়, বৰঞ্চ আন কোনোবাই সন্মুখৰ পৰা আক্ৰমণ কৰিছে।
ইয়াৰ পিছতে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
জেৰা আৰু মহিলাগৰাকীৰ মোবাইল ফোনটোৰ ফৰেনছিক পৰীক্ষাৰ সময়ত তদন্তকাৰীয়ে মহিলাগৰাকীৰ ইণ্টাৰনেট অনুসন্ধান ইতিহাস আৱিষ্কাৰ কৰে। মহিলাগৰাকীয়ে হত্যাৰ পূৰ্বে মোবাইলৰ ইতিহাস মচি পেলোৱা, এলুমিনিয়াম ফছফাইডৰ দৰে বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা আদিৰ বিষয়ে সন্ধান কৰিছিল।
এই প্ৰমাণৰ সন্মুখীন হৈ মহিলাগৰাকীয়ে অপৰাধ স্বীকাৰ কৰে। আৰক্ষীক জনোৱা মতে, স্বামীৰ শাৰীৰিক সম্পৰ্কত অসন্তুষ্ট হৈ স্বামীক হত্যা কৰাৰ সিদ্ধান্ত লয়। আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ আত্মহত্যাৰ কাহিনী ৰচনা কৰি শ্বাহিদৰ বুকুত তিনিবাৰকৈ ছুৰীৰে আঘাত কৰাৰ পিছত নিজেই চিকিৎসালয়লৈ লৈ যায় বুলি অভিযোগ উঠিছে।
ইতিমধ্যে উদ্ধাৰ হৈছে হত্যাত ব্যৱহৃত এখন দা। বৰ্তমান মহিলাগৰাকী আৰক্ষীৰ জিম্মাত আছে।