ৰাম মন্দিৰ উদ্বোধনৰ দিনা বন্ধ থাকিব AIIMS-ও; কি হ’ব ৰোগীসকলৰ?

ৰাম মন্দিৰ উদ্বোধন উপলক্ষে বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা চৰকাৰী কাৰ্যালয়লৈ বন্ধৰ দিন ঘোষণা কৰা হৈছে। এইবাৰ চিকিৎসালয় বন্ধ কৰাৰো নিৰ্দেশনাও জাৰি কৰা হৈছে। কেৱল অযোধ্যাই নহয়, ৰাম মন্দিৰ উদ্বোধনৰ দিনা দিল্লীৰ চিকিৎসালয়সমূহো বন্ধ থাকিব। দিল্লীৰ অল ইণ্ডিয়া মেডিকেল ছায়েন্সে (AIIMS) শনিবাৰে জনাইছে যে অহা ২২ জানুৱাৰীত অৰ্দ্ধ দিন চিকিৎসালয়খন বন্ধ থাকিব।

অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপনৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই আধা দিনৰ বাবে চিকিৎসালয়খন বন্ধ থাকিব বুলি জাননী জাৰি কৰিছে। পুৱাৰে পৰা দুপৰীয়া ২.৩০ বজালৈ বন্ধ থাকিব চিকিৎসালয়খন। অৱশ্যে ৰোগীসকলৰ বাবে সকলো জৰুৰীকালীন সেৱা মুকলি থাকিব।

লগতে পঢ়কঃ U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

বাতৰি অনুসৰি, অহা ২২ জানুৱাৰীৰ পুৱা চিকিৎসকৰ লগত এপইণ্টমেণ্ট থকা সকলো ৰোগীৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে। অতি প্ৰয়োজনীয় নোহোৱা অস্ত্ৰোপচাৰো অলপ পিছুৱাই দিয়া হৈছে।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, কোনো ৰোগী আহিলে তেওঁৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। প্ৰয়োজন হ’লে ৰোগীৰ ভৰ্তিও হ’ব। দুপৰীয়াৰ পৰা আউটড’ৰ বা অ’পিডি সেৱাও কাৰ্যক্ষম হ’ব।

যদি কোনো গুৰুতৰভাৱে আহত বা গুৰুতৰভাৱে অসুস্থ ৰোগী আহি পৰে যাৰ বাবে তৎকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, তেন্তে সেই সেৱা আগবঢ়াবলৈ চিকিৎসকসকলো উপস্থিত থাকিব।

লগতে পঢ়কঃ এছ আই টিৰ ভুলৰ বাবে এপিএছচি কেলেংকাৰিৰ আন এজন অভিযুক্ত সুকণ্যা দাসে পালে জামিন: ডি ৱাই এফ আই

কেৱল অ’পিডি ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময় সামান্য সলনি কৰা হৈছে। এসপ্তাহৰ ভিতৰতে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ’ব।

কেৱল এইমছেই নহয়, কেন্দ্রই অৰ্দ্ধ ছুটী ঘোষণা কৰাৰ পাছত দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ো আধা দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে৷ 

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত এইদৰে হাস্পাতাল বন্ধ ৰখাৰ কাৰ্যক বিৰোধী নেতাই সমালোচনা কৰিছে। হাস্পাতাল বন্ধ ৰখাৰ ফলত ঠাণ্ডাত হাস্পাতালৰ বাহিৰত চিকিৎসকৰ সাক্ষাৎ বিচাৰি বাহিৰত অপেক্ষা কৰি থকা ৰোগীসকলৰ কি হব তাক লৈ চিন্তা নকৰাটো কোনোমতেই সমৰ্থন কৰিব নোৱাৰি। আনকি, সাধাৰণ ৰোগীসকল মোদীৰ আত্মপ্ৰচাৰৰ বলি হবলগীয়া হৈছে বুলি সমালোচনা কৰা হৈছে।