• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছ আই টিৰ ভুলৰ বাবে এপিএছচি কেলেংকাৰিৰ আন এজন অভিযুক্ত সুকণ্যা দাসে পালে জামিন: ডি ৱাই এফ আই

`মুখ্যমন্ত্ৰীৰ নিৰ্দশতে এছ আই টিয়ে তদন্তৰ নামত নাটক কৰিছে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2024 9:16 am
এপিএছচি কেলেংকাৰিত অভিযুক্ত বিষয়া সুকন্যা দাস। ফাইল ফটো।

এপিএছচি কেলেংকাৰিত অভিযুক্ত বিষয়া সুকন্যা দাস। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এপিএছচি কেলেংকাৰিত অভিযুক্ত আন এজন বিষয়া সুকন্যা দাসে জামিন পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে এই কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ সোঁ‌হাত স্বৰূপ নন্দবাবু সিনহাই জামিন পাবলৈ সক্ষম হৈছিল। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত আশ্চৰ্য প্ৰকাশ  কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

এছ আই টিয়ে তদন্তৰ নামত নাটক কৰিছে বুলিও ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। আশ্চৰ্যকৰ কথা যে এই দুয়োটা জামিন পোৱা ঘটনাৰ লগত এছ আই টিৰ অৱহেলা স্পষ্ট হৈ পৰিছে।

সুকন্যা দাসক যিহেতু ৰাজসাক্ষী হিচাপে লৈছে তেনে ক্ষেত্ৰত তেওঁ গ্ৰেপ্তাৰৰ বাবে আদালতৰ আগতীয়া অনুমতিৰ প্ৰয়োজন আছিল। কিন্তু আশ্চৰ্যজনকভাৱে এছ আই টিয়ে সেই কামটো নকৰিলে। ইয়াৰ পূৰ্বে এপিএছচি কেলেংকাৰিৰ অন্যতম অভিযুক্ত, মুখ্য পৰীক্ষা  নিয়ন্ত্ৰক নন্দবাবু সিনহাইও একেই কৌশলত জামিন পাবলৈ সক্ষম হৈছিল।

Apply Now

লগতে পঢ়কঃ U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

এছ আই টিৰ কৌশলগত দুৰ্বল ভুমিকাই জামিন পোৱাৰ পথ মুকলি কৰিছে। তেওঁলোকৰ এই ভুমিকাই ডি ৱাই এফ আইৰ লগতে অসমৰ সচেতন ৰাইজ, যুৱক-ছাত্ৰৰ মনত নানা সন্দেহৰ সৃষ্টি কৰিছে।

ডি ৱাই এফ আইয়ে এছ আইটিৰ সামগ্ৰিক ভুমিকাকলৈয়ে প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপিএছচি কেলেংকাৰিত অভিযুক্তৰ শ্ৰেণী বিভাজন কৰি, তদন্তৰ পাছত তদন্ত ঘোষণা কৰি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ যি কৌশল লৈছিল সেই একেই কৌশলেৰেই প্ৰতীক থুবেৰ নেতৃত্বত এছ আই টিয়ে কাম কৰিছে। এয়া ৰাজ্যখনৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক আৰু উদ্বেগৰ বিষয় বুলি ডি ৱাই এফ আইয়ে মত প্ৰকাশ কৰিছে।

সংগঠনটোৰ মতে, প্ৰতীক থুবেৰ নেতৃত্বত এপিএছচি কেলেংকাৰিৰ তদন্তৰ নামত এখন ডাঙৰ নাটক চলিছে। মুখ্যমন্ত্ৰীয়ে লিখি দিয়া স্ক্ৰীপট মতেই এছ আই টিৰ বিষয়া প্ৰতীক থুবে কাম কৰিছে। তেওঁ‌লোকে ৰাজ্য কঁ‌পাই যোৱা কেলেংকাৰিৰ তদন্তৰ ক্ষেত্ৰত কিমান গুৰুত্বসহকাৰে লৈছে ? ৪৫,০০০ পৰীক্ষাৰ বহী জ্বলাই দিয়া নন্দবাবু সিনহাৰ বিৰুদ্ধে যি তথ্য প্ৰমাণ দিব লাগিছিল সেয়া দিব নোৱাৰিলে। সুকন্যা দাসৰ ক্ষেত্ৰতো একেই হ’ল।

লগতে পঢ়কঃ গুৱাহাটীৰ ব্যৱসায়ী শৈলেন দত্ত কোঁৱৰৰ পৰলোকপ্ৰাপ্তি

ইয়াৰ লগতে আন এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ডি ৱাই এফ আইয়ে। এছ আই টি গঠন হোৱা চাৰি মাহ উকলি গ’ল, এই চাৰি মাহত তেওঁলোকে প্ৰকৃততে কি তদন্ত কৰিলে ? প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী প্ৰমাণিত কৰা ৩৪ জন বিষয়াক সোধ-পোচ কৰোঁতেই তেওঁলোকে ৪ মাহ পাৰ কৰিলে। যোৱা ৩০ ছেপ্টেম্বৰত গঠিত হোৱা এছ আই টিখনে দুই তিনিদিনৰ মূৰত ২-৩ জনকৈ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বিষয়াক চমন দিয়ে দায়িত্ব সামৰিছে। ইয়াৰ বিপৰীতে পূৰ্বৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেশ্বৰে একেলগে ২০-৩০ জন বিষয়াক চমন দি মাতি আনি তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল।

আচৰিত কথাটো হ’ল তেতিয়া দুই তিনি সপ্তাহতে জামিন পাবলৈ সক্ষম হোৱা নাছিল। অথচ মুন্না প্ৰসাদ গুপ্তাৰ দৰে এজন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চি আই ডি) আৰু প্ৰতীক থুবেৰ দৰে আই পি এছ  বিষয়াৰে গঠিত এছ আই টিয়ে তদন্তৰ নামত কেৱল ভেঁ‌কোভাওনা কৰিছে। প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে লিখি দিয়া স্ক্ৰীপ্ট মতেই তেওঁলোকে নাটকত ভাও দি গৈছে বুলি সন্দেহ হৈছে।

লগতে পঢ়কঃঅসন্তুষ্টি! ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে নাগা সন্তসকলো

এছ আই টিৰ তদন্তৰ নামত যে এখন ডাঙৰ নাটক চলিছে সেয়া তেওঁলোকৰ কৰ্মকাণ্ডই প্ৰমাণ কৰিছে। এয়া ৰাজ্যখনৰ বাবে অতি পৰিতাপৰ কথা বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে আৰু ই ৰাজ্যখন মেধাবী যুৱক-যুৱতীসকলক যে আশাহত কৰিব সেয়া নিশ্চিত বুলি মত ব্যক্ত কৰিছে।

ডি ৱাই এফ আইয়ে এছ আই টিৰ এই নাটক বন্ধ কৰি সঁ‌চা অৰ্থত তদন্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd