দিল্লীৰ জামা মছজিদত মহিলাই প্ৰৱেশ কৰিব নোৱাৰিব অকলে! নতুন নিৰ্দেশনাকলৈ ব্যাপক প্ৰতিক্ৰিয়া

ইৰানত হিজাবকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে ভাৰততো জামা মছজিদ কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশনাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিল্লীৰ জামা মছজিদত অকলে মহিলাৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।মছজিদ কৰ্তৃপক্ষই এই বিষয়ত এক নিৰ্দেশনা জাৰি কৰিছে। জামা মছজিদৰ পিআৰঅ’ চাবিউল্লাহ খানে কয়, “ছোৱালী, মহিলাই পৰিয়ালৰ সৈতে অহাৰ ক্ষেত্ৰত কোনো বাধা নাই, বিবাহিত দম্পতীৰ ক্ষেত্ৰতো কোনো বাধা নাই।

কিন্তু যেতিয়া মহিলাসকল অকলে আহে, সেয়া অনুচিত কাম কাম বুলি বিবেচনা কৰা হ’ব। মহিলাই মছজিদলটোলৈ অকলে অহাটো ধৰ্মীয় স্থানৰ বাবে উপযুক্ত নহয়। পৰিয়াল বা বিবাহিত দম্পতীৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাই,” ।

জামা মছজিদ প্ৰশাসনেও মছজিদৰ বাহিৰত সতৰ্কবাণী লিখা ফলক আঁৰি পৰ্যটকসকলক জনাইছে যে ছোৱালীবোৰক ভিতৰলৈ যাবলৈ অনুমতি দিয়া নহয়। মছজিদৰ তিনিটা প্ৰৱেশদ্বাৰৰ বাহিৰত তেনে ফলক লগোৱা হৈছে।

ফলকত লিখা আছে-“ছোৱালী,মহিলাসকলক অকলে জামা মছজিদত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহয়,” । দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) মুৰব্বী স্বাতী মালিৱালে জামা মছজিদৰ ইমামক জাননী জাৰি কৰি কয় যে “এনেধৰণে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ অধিকাৰ কাৰো নাই।” বিশ্ব হিন্দু পৰিষদেও এই সিদ্ধান্তক “মহিলা বিৰোধী” বুলি সমালোচনা কৰিছে।