বসন্ত ৰোগৰ বীজাণুৰ দৰেই অতি সংক্ৰামক কোভিডৰ ডেল্টা প্ৰজাতি, মাৰ্কিন স্বাস্থ্য সংস্থাৰ মন্তব্য

deltaa

কোভিডৰ নতুন নতুন প্ৰজাতিয়ে এতিয়া বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে।

কোভিডৰ প্ৰজাতিসমূহৰ ভিতৰত ডেল্টা প্ৰজাতি অতি মাৰাত্মক হিচাবে পৰিগণিত হৈছে। ভাৰতবৰ্ষতেই প্ৰথম এই প্ৰজাতিটো ধৰা পৰিছিল।

কোভিডৰ ডেল্টা প্ৰজাতি বসন্ত ৰোগৰ বীজাণুৰ দৰেই অতি সংক্ৰামক। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছনৰ উদ্ধৃতি দি ৱাশ্বিংটন পোষ্ট কাকতে এই বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ইবলা, সাধাৰণ চৰ্দি,বসন্ত আদিৰ দৰেই কোভিডৰ ডেল্টা প্ৰজাতি অতি দ্ৰুতগতিত সংক্ৰমিত হয়।

অৱশ্যে ইব’লা আদিৰ তুলনাত কোভিডৰ ডেল্টা প্ৰজাতিত আক্ৰান্ত হৈ হোৱা মৃত্যুৰ হাৰ কম বুলি কোৱা হৈছে।
ক’ৰ’না ভাইৰাছৰ মহা সংক্ৰমণে সংহাৰৰ সৃষ্টি কৰা ভাৰতত এতিয়া এই মাৰাত্ম ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টাই নতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে।

দেশত এতিয়ালৈকে ডেল্টাত আক্ৰান্ত ৰোগীৰ সংখ্যা শতাধিক হৈছে।

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছনৰ সঞ্চালক ডাঃ ৰছেল পি ৱালেক্সিৰ মতে কোভিডৰ ভেকচিন গ্ৰহণ কৰা লোককো কোভিডৰ ডেল্টা প্ৰজাতিয়ে আক্ৰান্ত কৰিব পাৰে।বিশেষকৈ বেছি বয়সৰ লোকসকলক এই মাৰাত্মক প্ৰজাতিটোৱে আক্ৰমণ কৰাৰ আশংকা বেছি বুলি তেওঁ কয়।

ইয়াৰ ভিতৰত ২১ জন আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।জম্মু, পাঞ্জাৱ, তামিলনাডু, কেৰালা মধ্যপ্ৰদেশ আদি ৰাজ্যতো ডেল্টা প্লাছত বহু লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো।অৱশ্যে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰা মতে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে।

অৱশ্যে ভেকচিন দুবিধে কিমান কাৰ্যকৰী ভাবে ডেল্টা প্লাছ প্ৰজাতি ৰুধিব পাৰে সেয়া এতিয়াও প্ৰমাণ হোৱা নাই বুলি তেওঁ কয়।

এতিয়ালৈকে বিশ্বৰ ৯ খন দেশত কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে।