• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালক ১৫ দিনৰ ভিতৰত স্থায়ী সংস্থাপন কৰাৰ দাবী

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , August 11, 2020 5:12 pm

2 min read

টীয়কত গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালক ১৫ দিনৰ ভিতৰত স্থায়ী সংস্থাপন কৰাৰ দাবী
304
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ কমাৰ গাঁৱৰ বহু কেইটা খিলঞ্জীয়া পৰিয়াল বান আৰু গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা ঘটনাটোত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোয়ে তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে।

সংগঠনটোৱে লগতে অহা ১৫ দিনৰ ভিতৰত চৰকাৰে পৰিয়ালকেইটাক নিৰাপদ স্থানত স্থায়ী সংস্থাপন দিয়াৰ ব্যৱস্থা নকৰিলে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ দিছে৷

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোয়ে এক প্ৰেছ বিবৃতি যোগে এই কথা জানিবলৈ দিছে l একেটা প্ৰেছ বিবৃতিতে সংগঠনটোৱে আক্ষেপ প্ৰকাশ কৰি কয় যে, “ভাৰতবৰ্ষ স্বাধীনতাৰ আজি ৭৩ টা বছৰৰ পাছতো অসমভূমিৰ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ কমাৰ গাঁৱৰ বহু কেইটি খিলঞ্জীয়া পৰিয়াল বান আৰু গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱাটো দুখ:জনক৷”

বিবৃতিটোত আৰু কয় যে, “যি সময়ত চৰকাৰখনে জাতি-মাটি-ভেটিৰ কথা কৈ অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে, সেই সময়ত জাঁজীমুখৰ এই পৰিয়ালকেইটাৰ ঘৰৰখন ছবি দেখিলেই বুজিব, অসমৰ খিলঞ্জীয়া জনতাই কিমান কষ্টৰে জীৱন অতিবাহিত কৰিছে৷”

“জাঁজী নদীৰ প্ৰলয়ংকাৰী বানে উটুৱাই লৈ যোৱাৰ সময়তে প্ৰচণ্ড গৰাখহনীয়াই এইসমূহ পৰিয়ালৰ ভেটি উচন কৰি পেলাইছে৷ আজি ২০ টা বছৰে নিৰাপদ স্থানত সংস্থাপনৰ বাবে সংশ্লিষ্ট বিভাগক অনুৰোধ জনাই আহিছে যদিও, তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ চৰকাৰৰ সদিচ্ছা অভাৱ দেখা গৈছে৷” বিবৃতিটোত আৰু কয়।

আজি সংগঠনটোৱে টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে ১৫ দিনৰ ভিতৰত পৰিয়াল বোৰক নিৰাপদ স্থানত স্থায়ী সংস্থাপন দিয়াৰ ব্যৱস্থা নকৰিলে  অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ গঢ়ি তুলিব বুলি সতৰ্ক কৰি দিয়ে৷

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd