কাশ্মীৰৰ মৰ্যাদা ঘুৰাই দিয়াৰ প্রসংগত ‘নীৰৱ’ মোদী; বৈঠকৰ পাছতে সৰৱ উপত্যকাৰ নেতা

PM-Modi-all-party-meeting-with-JK-leaders

জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছে নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰ পাছত সাংবাদিকৰ আগত ওমৰ আব্দুল্লাই জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীক তেওঁ ২০১৯ৰ ৫ আগষ্ট তেওঁলোকে নামানে বুলি স্পষ্ট কৰি জনাই দিছে।

ওমৰে আব্দুল্লাই কয়,’’বিশ্বাসৰ বান্ধোন ভংগ হৈছে। এইটো এতিয়া কেন্দ্ৰৰ দায়িত্বৰ ভিতৰত পৰে। প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাস পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত।‘’

তেওঁ লগতে কয়, ‘’আমি ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিষয়টো নামানো। তথাপি আমি আইন হাতত তুলি নলও। এই বিষয়টোকলৈ লৈ আমি আদালতত যুঁজ দিম।‘’

ওমৰ আব্দুল্লাই জানিবলৈ দিয়ে যে গোলাম নবী আজাদে নিৰ্বাচনৰ পূৰ্বে জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়া উচিত বুলি দাবী কৰাৰ সময়ত সেইকথা শুনি প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে।

উপত্যকাৰ নেতাগৰাকীয়ে কাশ্মীৰৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা সিদ্ধান্তসমূহ ঘুৰাই দিয়া উচিত বুলি দাবী কৰি কয় যে জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়া উচিত। কেবল জম্মু-কাশ্মীৰৰ ওপৰত ডিলিমিটেশ্যন আৰোপ কৰা হৈছে। আমি আগতেই এনেধৰণৰ ডিলিমিটেশ্যনৰ কোনো দৰকাৰ নাই বুলি কোৱাৰ পাছতো সেয়া আৰোপ কৰা হৈছে।

তেওঁ প্ৰশ্ন কৰি কয় যে অসমতো কৰা হয় যদিও অসমৰ ডিলিমিটেশ্যন তুলি লৈ তাত নিৰ্বাচন কৰা হ’ল। তেতিয়াহ’লে জম্মু-কাশ্মীৰৰ বাবে ডিলিমিটেশ্যন থাকিল কিয়?

আনহাতে, পিডিপিৰ নেত্ৰী মেহবুবা মুফটিয়ে বৈঠকৰ পাছত কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণ ২০১৯চনৰ ৫আগষ্টৰ পাছত বহু সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোক ক্ষুব্ধ হৈ পৰিছে।

তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে যিদৰে ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা হ’ল সেয়া জম্মু-কাশ্মীৰৰ জনসাধাৰণে মানি নলয়, তেওঁলোকে অপমানিত বোধ কৰিছে।

মেহবুবাই লগতে কয় যে শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে ৩৭০ ধাৰা যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰবাবে তেওঁলোকে জম্মু-কাশ্মীৰৰ আন্দোলন চলাই যাব।