মহাৰাষ্ট্ৰত বুলড’জাৰেৰে ধ্বংস কৰা হৈছে গণতন্ত্ৰ: মমতা বেনাৰ্জী

Mamata Banerjee on Maharashtra Crisis

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাই ক্ষণে ক্ষণে সলাইছে পট। ক্ৰমাৎ পতনৰ দিশে আগবাঢ়িছে ৰাজ্যখনৰ শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰ। মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক সংকট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিছে এক বিস্ফোৰক অভিযোগ। তেওঁৰ মতে মহাৰাষ্ট্ৰত বুলড’জাৰেৰে ধ্বংস কৰা হৈছে গণতন্ত্ৰ।

এই সংকটৰ বাবে প্ৰত্যক্ষভাৱে বিজেপিক জগৰীয়া কৰি বেনাৰ্জীয়ে কয়, “ভাৰতত গণতন্ত্ৰ যে বৰ্তি আছে, এই বিষয়ত মোৰ সন্দেহ হৈছে। যদি তেওঁলোকে এখন গণতান্ত্ৰিক চৰকাৰক বুলড’জাৰেৰে উৎখাত কৰে, তেতিয়াহ’লে গণতন্ত্ৰ ক’ত আছে! আমি উদ্ধৱ ঠাকৰেৰ বাবে, মানুহৰ বাবে ন্যায় বিচাৰো। মহাৰাষ্ট্ৰৰ পিছত তেওঁলোকে আন এখন চৰকাৰক অস্থিৰ কৰিব।”

তেওঁ লগতে বিধায়কসকলক ক’লা ধনৰ জৰিয়তে ক্ৰয় কৰা হৈছে বুলিও অভিযোগ কৰে। তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ ওচৰত প্ৰয়োজনীয় ভোট নাই, সেয়েহে তেওঁলোকে ক’লা ধন ব্যৱহাৰ কৰি অনৈতিক আৰু অসাংবিধানিক ভাৱে মহাৰাষ্ট্ৰ চৰকাৰক উৎখাত কৰিব বিচাৰে।

মমতাই লগতে কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰি কয় যে তৃণমূলৰ ২০০ জন লোকক চিবিআই আৰু ইডিয়ে জাননী দিছে, কিন্তু বিজেপিৰ ক্ষেত্ৰত কোনো পদক্ষেপ নাই।

“বিজেপিৰ ধনৰ কোনো সীমা নাই, এইয়া ক’লা ধন নহয় নেকি? শাসকীয় দলে বিধায়ক ক্ৰয় কৰি থকা এই ব্যৱস্থাটো কেলেংকাৰী নহয় নেকি” বুলিও প্ৰশ্ন উত্থাপন কৰে বেনাৰ্জীয়ে।