বিমুদ্ৰাকৰণে দেশৰ বহু লোকক ধ্বংস কৰি পেলাইছে : জীতেন্দ্ৰ চৌধুৰী

jitendra-pic-

সাংসদ জীতেন্দ্ৰ সিং

আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোটেই দেশতে নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ দৰে ত্ৰিপুৰাৰো ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে উঠি পৰা লগা পৰিলক্ষিত হৈছে।

এসময়ত চি পি আই (এম)ৰ অভেদ্য দূৰ্গ হিচাপে পৰিচিত ত্ৰিপুৰাত চি পি আই (এম)ৰ প্ৰাৰ্থীয়ে পুনৰ সমষ্টি দখলৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তত ব্যস্ত হৈ পৰিছে জোৰদাৰ প্ৰচাৰ অভিযানত।

শাসনাধিষ্ঠ বিজেপি তথা বিৰোধী কংগ্ৰেছক পৰাস্ত কৰিবলৈ দলটোৰ পূব ত্ৰিপুৰা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ জীতেন্দ্ৰ চৌধুৰীয়ে ধৰ্মনগৰ অঞ্চলত এটা দিনত সাতখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

চি পি আই (এম)ৰ প্ৰাৰ্থীগৰাকীয়ে এইবাৰৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনকে আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। তেওঁ প্ৰায়বোৰ সভাতে মোদীক আক্ৰমণ কৰি কয়, ‘মোদী চৰকাৰে লোৱা বিমুদ্রাকৰণৰ সিদ্ধান্তই বহু লোককে ধ্বংস কৰি পেলাইছে’।

‘২০১৪ৰ নিৰ্বাচনত বিজেপি দলক জয়যুক্ত কৰি চৰকাৰ গঠন কৰাৰ সুবিধা প্ৰদান কৰাটো যে ভুল আছিল সেয়া এতিয়া বহু লোকে অনুভৱ কৰিছে। কিন্তু এতিয়াৰে পৰা বিজেপিৰ দিল্লী যাত্ৰাৰ সপোন স্থবিৰ হৈ পৰিল কিয়নো ৰাইজে এইবাৰ চি পি আই (এম)ক ভোটদান কৰিব’।