নাগালেণ্ডত ডেংগিৰ মহামাৰী ৰূপ : এসপ্তাহৰ ভিতৰতে আক্ৰান্ত ২৬

dengue-1-570x320

নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰৰ পৰা ১৪ কি:মি: দূৰৰ চুমুকেডিমা চহৰত ডেংগিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত ৬৭ জানক ডেংগিৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। স্বাস্থ্য বিভাগৰ মতে এসপ্তাহৰ ভিতৰতে ডেংগুৱে আক্ৰান্ত কৰা ২৬ গৰাকী ব্যক্তিৰ বাতৰি পোৱা গৈছে। তাৰে ভিতৰত অধিকাংশই হৈছে চুমুকেডিমাৰ।

ডিমাপুৰ জিলাৰ মাখিয়ে বহন কৰা বেমাৰ নিয়ন্ত্ৰণ বিষয়া ড০ ইমতিয়াবং আইতাৰে জনাইছে যে এই পৰ্যন্ত ডেংগিত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু ঘটা নাই। তেওঁ জনসাধাৰণক চাফ-চিকুনতা মানি চলিবলৈ উপদেশ দিয়ে।

ডিমাপুৰ ৰাজ্যিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ড০ কে ভিকাতো কিনিমিয়ে কৈছে যে চুমুকেডিমাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত থেজাভিজো নাখ্ৰোৰ সৈতে আলোচনা কৰি গাঁওবুঢ়া আৰু গাঁও পৰিষদৰ সহযোগত স্বাস্থ্য বিভাগে ডেংগি নিয়ন্ত্ৰণৰ বাবে কেতবোৰ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ কয় যে এই ক্ষেত্ৰত স্থানীয় বাসিন্দাসকলৰ সহযোগিতা অতি প্ৰয়োজনীয়।

কিনিমিয়ে কয় যে মাখিয়ে বহন কৰা বেমাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভাগীয়ভাৱে চেষ্টা কৰা হ’ব।

নাগালেণ্ড ডেভেলপমেণ্ট আউটৰিচ্চ নামৰ নাগালেণ্ড বেপ্টিষ্ট কাউঞ্চিলৰ শাখাটোৱে স্বাস্থ্য বিভাগৰ সহযোগত সপ্তাহত এদিন খালীকৰণ আৰু শুষ্ককৰণ দিৱস পালন কৰি ঘৰৰ ফুলদানি, টায়াৰ, বাল্টি আদিৰ জমা হোৱা পানী পেলাই দিয়াৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে।

নগৰীয়া মাখিয়ে বহন কৰা বেমাৰ আঁচনিৰ সহকাৰী সঞ্চালক কিকোলুল খিয়েয়াই ব্যক্ত কৰিছে যে প্ৰায় ২০ গৰাকী কৰ্মচাৰীয়ে প্ৰতি সপ্তাহত ৮খন পামত ম’হৰ উপস্থিতিৰ ওপৰত অধ্যয়ন কৰি আছে। তেওঁলোকে ডেংগি আৰু য়েল’ ফিভাৰ আদি বেমাৰ বিয়পোৱা এডিছ ইজিপ্তি ম’হৰ ওপৰতো অধ্যয়ন কৰি আছে।

স্বাস্থ্য বিভাগৰ সহযোগত চুমুকেডিমাৰ প্ৰশাসনে এলেকাটোত এটা জন সচেতনতা কাৰ্যসূচী আৰম্ভ কৰিছে।