• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত মুখ্যমন্ত্ৰীৰ পদত এগৰাকী দন্ত চিকিৎসক, কোন তেওঁ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 14, 2022 9:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাতে নাটকীয় পৰিৱৰ্তন ঘটা ত্ৰিপুৰাৰ ৰাজনীতিত নাটকীয় ভাবে মুখ্যমন্ত্ৰীৰ পদৰ বাবে মনোনীত হৈছে এগৰাকী দন্ত চিকিৎসক।

ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি বিয়লি পদত্যাগ কৰাৰ পিছতে উক্ত দন্ত চিকিৎসকগৰাকীক ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী হিচাবে বাচনি কৰা হৈছে। তেওঁ হৈছে দন্ত চিকিৎসক তথা ৰাজনীতিক ডাঃ মানিক সাহা।

Apply Now

১৯৫৩ চনৰ ৮ জানুৱাৰীত আগৰতলাত জন্ম গ্ৰহণ কৰা সাহাক আজি সৰ্বসন্মতিক্ৰমে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰা হয়। ৬৯ বছৰীয়া ডাঃ মানিক সাহাই ২০১৬ চনত বিজেপিত যোগদান কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জৰিত আছিল।

পত্নী স্বপ্না সাহাৰ সৈতে ডাঃ মানিক সাহাৰ আছে দুগৰাকী কন্যা সন্তান।

উল্লেখ্য আজি বিয়লি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰাৰ পিছতে ৰাজ্যসভাৰ সাংসদ ডাঃ মানিক সাহাক বিজেপি বিধায়িনী দলৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হয়। বিধায়িনী দলে তেওঁক নতুন নেতা হিচাবে নিৰ্বাচিত কৰাৰ লগতে নতুন মুখ্যমন্ত্ৰী হিচাবেও নিৰ্বাচিত কৰে।

এনে সিদ্ধান্ত সন্দৰ্ভত সাহাই কয় যে তেওঁ নতুন পদত থাকিও দলৰ কৰ্মকৰ্তা হৈ থাকিব। ” মোক দিয়া হৈছিল দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব। মই কাম কৰিছিলো… এতিয়া মোক বিধায়িনী দলৰ নেতা হিচাপে মনোনীত কৰা হৈছে। মুখ্যমন্ত্ৰী হিচাবে মোৰ নাম প্ৰস্তাৱ কৰা হৈছে আৰু সকলোৱে সেই প্ৰস্তাৱ সমৰ্থন কৰিছে।”

উল্লেখ্য এজন দন্ত চিকিৎসক সাহাক ২০২০ চনত ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল।
সাহাক অভিনন্দন জনাই বিদায়ী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয়: “তেওঁ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছে। মই তেওঁক অভিনন্দন জনাইছো। মই আশা কৰোঁ যে তেওঁ মই আৰম্ভ কৰা কামৰ গতি ত্বৰান্বিত কৰিব আৰু দল তথা চৰকাৰক শক্তিশালী কৰিব।”

ইপিনে বিপ্লৱ দেৱে কিয় পদত্যাগ কৰিলে তাৰ প্ৰকৃত কাৰণ কোনেও উলিয়াব পৰা নাই।

বিজেপিৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশতে দেৱে পদত্যাগ কৰাৰ কথাটো এতিয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd