• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ পেৰ’লত মুকলি ৰাম ৰহিম; কিমান দিনৰ পাছত তেওঁ জেললৈ ঘূৰি আহিব লাগিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 2:21 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰা সচ্চা চৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙক পুনৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে। হাৰিয়ানাৰ ৰোহটকৰ সুনাৰিয়া কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক ৩০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিছে। আজি অৰ্থাৎ ২৬ মে’ মঙলবাৰে পুৱা ৬ বজাত সুনাৰিয়া জেলৰ পৰা মুকলি কৰি দিয়া হয়।

সূত্ৰ অনুসৰি, ধৰ্ষণ আৰু যৌন কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত মুঠ ১৬ বাৰ পেৰ’ল বা অস্থায়ী মুক্তিৰ ভিত্তিত ৰাম ৰহিমক মুকলি কৰি দিয়া হৈছে। জানিব পৰা মতে চলিত বৰ্ষৰ ২৪ জুনত পুনৰ কাৰাগাৰলৈ ঘূৰি আহিব লাগিব ৰাম ৰহিমে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত ৪০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল ডেৰা সচ্চা চৌদাৰ মুৰব্বীগৰাকীক। ৰাম ৰহিমক বাৰে বাৰে পেৰ’লত মুকলি কৰি দিয়াৰ বাবে একাধিক প্ৰশ্ন উত্থাপন হৈছে।

Apply Now

ৰাম ৰহিমৰ অধিবক্তা জিতেন্দ্ৰ খুৰাণাই কয় যে আইনৰ ভিত্তিত ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া হৈছে। মঙলবাৰে কাৰাগাৰৰ পৰা ওলাই আহি ছিৰছাৰ ডেৰা সচ্চা চৌদাৰ কাৰ্যালয়লৈ যায় ৰাম ৰহিমে। সূত্ৰৰ পৰা জানিব পৰা মতে, ছিৰছাৰ জিলা দণ্ডাধীশে ৰাম ৰহিমক তাত থাকিবলৈ অনুমতি দিছে।

ৰাম ৰহিমে ২০১৭ চনত আশ্ৰমৰ ভিতৰত দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই বছৰৰ ২৫ আগষ্টত পঞ্চকুলাৰ চিবিআই আদালতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰিছিল। আদালতে তেওঁক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে। তেতিয়াৰ পৰাই ৰাম ৰহিম সুনাৰিয়া কাৰাগাৰত বন্দী হৈ আছে।

আনহাতে, সাংবাদিক ৰাম চন্দৰ প্ৰজাপতিয়ে ৰাম ৰহিমৰ যৌন কেলেংকাৰীক জনসাধাৰণৰ মাজলৈ লৈ আহিছিল। তাৰ বাবেই তেওঁক হত্যা কৰা বুলি অভিযোগ উঠে। সেই গোচৰতো ৰাম ৰহিমক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা বিহা হয়। কিন্তু পিছত আদালতে হত্যাকাণ্ডৰ গোচৰত ৰাম ৰহিমক দোষমুক্ত কৰে। কিন্তু যৌন কেলেংকাৰীৰ গোচৰত এতিয়াও জেলত আছে ৰাম ৰহিম।

হাৰিয়ানাৰ সুনাৰিয়া কাৰাগাৰত বন্দী হৈ থকা ৰাম ৰহিমক প্ৰথমবাৰৰ বাবে ২০২০ চনৰ ২৪ অক্টোবৰত এদিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত ২০২১ চনৰ মে’ মাহত, ২০২২ চনৰ ফেব্ৰুৱাৰী, জুন আৰু অক্টোবৰ মাহত ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া হয়। ২০২৩ চনৰ জানুৱাৰী, জুলাই, নৱেম্বৰ, ২০২৪ চনৰ জানুৱাৰী, আগষ্ট, অক্টোবৰ, ২০২৫ চনৰ জানুৱাৰী, এপ্ৰিল, আগষ্ট মাহত পুনৰ সাময়িকভাৱে মুকলি কৰি দিয়া হয় ৰাম ৰহিমক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd