NORTHEAST NOW (Assamese)

ফ্লয়েড হত্যাৰ গোচৰত দোষী সাৱ্যস্ত আৰক্ষী বিষয়া; গুৰুত্বপূৰ্ণ মন্তব্য ৰাষ্ট্ৰপতি জো বিডেনৰ

April 21, 2021 2:35 pm · এন ই নাও নিউজ
Updated: April 21, 2021 4:29 pm
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন।

এতিয়া একোৱে জৰ্জ ফ্লয়েডক ঘুৰাই আনিব নোৱাৰে। কিন্তু কোনো ডাঙৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আমেৰিকাক বিচাৰ প্ৰক্ৰিয়াত এঢাপ আগুৱাই লৈ যাব। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ।

মিনেয়াপলিচৰ আৰক্ষী বিষয়া ডেকেৰ চাওভিন ফ্লয়েড হত্যাৰ গোচৰত দোষী সাৱ্যস্ত হোৱাৰ পাছতে এইদৰে মন্তব্য কৰিছে জো বিডেনে।

ৰাষ্ট্ৰক উদ্দেশ্যি মঙলবাৰে বিডেনে কয়, ’’মিনেছোটাৰ বিচাৰকে জৰ্জ ফ্লয়েডৰ হত্যাত মিনেছোটাৰ প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চাওভিনক দোষী সাৱ্যস্ত কৰিছে। ৰায়দান এতিয়াও বাকী। জৰ্জ ফ্লয়েডক একোৱে আৰু ঘুৰাই আনিব নোৱাৰে। কিন্তু আমেৰিকাৰ বিচাৰ ব্যৱস্থাত এইটো এটা ডাঙৰ পদক্ষেপ হ’ব পাৰে।‘’

তেওঁ কয়,’’কোনোৱে আইনৰ উৰ্ধত নহয়। এই ৰায়ে সেই বাৰ্তা বহন কৰিছে। তথাপি এয়াই যথেষ্ট নহয়। আমি ইয়াতেই ৰৈ যাব নোৱাৰো। বাস্তৱিকতে পৰিৱৰ্তন তথা সংশোধনৰ প্ৰয়োজন। এই ৰাষ্ট্ৰীয় ট্ৰেজেডি আৰু যাতে নঘটে তাৰ বাবে আমি আৰু বহুত কিছু কৰিব লাগিব।‘’

ৰাষ্ট্ৰপতি বিডেনে লগতে কয়,’’ঘটনাৰ এবছৰো হোৱা নাই। ইয়াৰ ভিতৰতে এনেকুৱা সিদ্ধান্ত লোৱা হ’ল। মই ফ্লয়েডৰ পৰিয়ালক আশ্বাস দিছো যে জৰ্জ ফ্লয়েডৰ ন্যায় বিচাৰৰ বাবে আমি যুঁজ দিম।‘’

মঙলবাৰে ফ্লয়েডৰ পৰিয়ালৰ সৈতে ৰাষ্ট্ৰপতি বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে কথাও পাতে।

উল্লেখ্য যে যোৱা বছৰ ২৫ মে’ত জৰ্জ ফ্লয়েডক গ্ৰেপ্তাৰ কৰিবলৈ গৈ শ্বেতাংগ আৰক্ষী বিষয়া ডেৰেক চাওভিনে নিৰ্যাতন চলোৱাৰ লগতে আঠুৰে ফ্লয়েডৰ ডিঙিত চেপি ধৰিছিল।

ইয়াৰ ফলত শ্বাস লোৱাত কষ্ট পোৱা বুলি বাবে বাৰে আৰক্ষীক কাতৰ আবেদন জনাইছিল। কিন্তু আৰক্ষীয়ে তেতিয়া তেওঁৰ কাতৰ আৰ্তনাদক গুৰুত্ব দিয়া নাছিল। ফ্লয়েডৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুত  আমেৰিকাতেই নহয়, সমগ্ৰ বিশ্বতে প্ৰতিবাদৰ জোৱাৰ উঠিছিল।

Related News