DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিতৰ্কিত ভিডিঅ’: আমছুক উভতি ধৰিলে দেশী জনগোষ্ঠীয় মঞ্চ অসমে

'দেশীসকলে আমছুৰ খালৈৰ ভিতৰত নোসোমায়'

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 22, 2021 3:10 pm
283
VIEWS
Share on FacebookShare on Twitter

যোৱা দুদিনমানৰ পৰা আমছুৰ এজন দ্বিতীয় শ্ৰেণীৰ নেতাৰ এটি ভিডিঅ’ বৰকৈ ভাইৰেল হৈছে আৰু এই ভিডিঅ’ৰ বক্তৱ্যত দেশী জনগোষ্ঠীয় মঞ্চ, অসমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

দেশী জনগোষ্ঠীয় মঞ্চ, অসমে এক বিবৃতিত কয়—উল্লেখিত ভিডিঅ’টোত আমছুৱে অসমৰ ডেৰ কোটি মুছলমানক লৈ আছুৰ বিকল্প আন্দোলন আৰম্ভ কৰাৰ কথা বাৰে বাৰে দোহাৰিছে।

আমছুৱে আন্দোলন কৰক, পাহাৰ কাটি নদী বোৱাই লওক, দিল্লী – দিশপুৰ উত্তাল কৰক, তাত আমাৰ কব লগা একো নাই। আমাৰ ক’ব লগা কথাটো হল বাৰে বাৰে আমাক সাঙুৰি লৈ কিয় আমছুৱে বক্তৱ্য দিয়ে? পশ্চিম অসমত বসবাস কৰা ১৪ লাখ ৩৩ হেজাৰ দেশী জনগোষ্ঠীৰ মানুহ আগতেও আমছুৰ লগত নাছিল, এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকিব। ১৯৮০ চনৰ মাৰ্চ মাহত আমাৰ ঘৰৰ কাষৰ জলেশ্বৰ হাইস্কুলত অধিৱেশন কৰি আমছুৰ জন্ম হৈছিল।

জিঞ্জিৰাম নদীৰ ইপাৰ আৰু সিপাৰ। আমি তেতিয়া প্ৰৱেশিকা পৰীক্ষা দিবলগীয়া ছাত্ৰ। আমি সেই সময়তো দেখিছো আমাৰ অঞ্চলৰ এজনো দেশী যুৱক ভুলতো আমছুৰ অধিৱেশন লৈ যোৱা নাই।

আমছুৰ চাৰি দশক সম্পূৰ্ণ হোৱাৰ পিছতো দেখিছো দেশী সকল আমছুৰ লগত নাই। ক’ৰবাত দুই এজনে জীৱন- জীৱিকা হিচাবে লৈ আমছুৰ লগত থাকিব পাৰে। গতিকে আমি দেশী জনগোষ্ঠীয় মঞ্চ, অসমে আমছুৰ সেইদিনা বক্তৱ্য দিয়া নেতা গৰাকীক কব বিচাৰো যে আপোনালোকে যি কৰে কৰক মাথোন আমাক লগত সাঙুৰি নলব।

দেশীসকলৰ বিষয়ে চিন্তা কৰিবলৈ তেওলোকৰ জাতীয় সংগঠন আছে, যুৱ ছাত্ৰ সংগঠন আছে, বৌদ্ধিক সমাজ আছে, তেওঁলোকে যি পথ দেখুৱায়, দেশী সকল সেই পথেৰে আগবাঢ়িব। আগৰ দৰে খালৈত ভৰাই লৈ দিশপুৰত বিক্ৰী কৰাৰ কৌশল কৰি লাভ নাই। আমি সকিয়াই নিদিও, পুনৰ দোহাৰিছো, দেশী সকলক বাৰে বাৰে মাজলৈ টানি আনি কলংকিত নকৰিব।

মুছলমান মুছলমান ভাই ভাই, সেই সূত্ৰত দেশী সকল নাই। হিন্দু- মুছলমান খিলঞ্জীয়া , এক হওঁক সকলো অসমীয়া।

এইদৰে আজি সংবাদ মাধ্যমক অৱগত কৰে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়েতুল্লাহই।

Recent News

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd