• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহমেদাবাদলৈ স্থলপথেৰে চাৰিটা হাতী পৰিবহণৰ বাবে আঁকোৰগোজ ‘মধ্যভোগী’য়ে চলাইছে আপ্ৰাণ প্ৰচেষ্টা

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
June 22, 2019 10:27 pm
elephant-1-1140x570

আহমেদাবাদলৈ প্ৰেৰণ কৰিবলগীয়া এটা হাতী বাবুলাল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনী বাধা আৰু ৰেইলৱে প্ৰকাশ কৰা অনিচ্ছাৰ মাজতে জগন্নাথ মন্দিৰলৈ হাতী প্ৰেৰণৰ চুক্তিৰ সৈতে জড়িত আঁকোৰগোজ ‘মধ্যভোগী’ দুজনে এতিয়া এক ‘বিশ্বাসযোগ্য’ পথ পৰিবহণ কোম্পানীৰ অন্বেষণ চলাইছে।

তিনিচুকীয়াৰ সূত্ৰসমূহে নৰ্থইষ্ট নাওক কয় যে হুকুমদাৰ খান আৰু ইমৰাণ খান নামৰ ‘মধ্যভোগী’ দুজনে শনিবাৰে হাতী চাৰিটা আহেমদাবাদলৈ পৰিবহণৰ বাবে এক ‘বিশ্বাসযোগ্য’ লজিষ্টিক কোম্পানীৰ সৈতে সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছিল।

আহমেদাবাদলৈ হাতী কেইটা পৰিবহণৰ বাবে এই প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ কাৰণ হৈছে দুটা গোচৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু এখন তাৎক্ষণিক লেখ আবেদন। দুয়োটা গোচৰেই অহা সোমবাৰে শুনানিৰ বাবে গ্ৰহণ কৰা হ’ব।

দ্বিতীয়তে, উত্তৰ-পূব সীমান্ত ৰেইলৱেই শুকুৰবাৰে সন্ধিয়া কয় যে তেওঁলোকে ‘স্পেচিয়েল কাৰ্গো’ প্ৰেৰণ কৰা বিষয়ত ৰেইলৱে ভৱনৰ পৰা আইনী পৰামৰ্শ বিচাৰিছে। উত্তৰ-পূব সীমান্ত ৰেইলৱেই উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ সন্দৰ্ভত এটা স্পষ্টীকৰণৰ অপেক্ষা কৰিছে।

‘’আমাক গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ কাৰণে হাতীকেইটা প্ৰেৰণ নকৰিবলৈ কোৱা হৈছে,’’-তিনিচুকীয়াৰ এডিশ্যনেল ডিভিজনেল ৰেইলৱে মেনেজাৰ মাছুদ আলমে নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।

উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ চীফ পেছেঞ্জাৰ ট্ৰেফিক মেনেজাৰেও অসম চৰকাৰৰ বন বিভাগৰ পৰা বিষয়টো সন্দৰ্ভত এক স্পষ্টীকৰণ বিচাৰিছে বুলি সূত্ৰসমূহে কয়।

চীফ পেছেঞ্জাৰ ট্ৰেফিক মেনেজাৰেজনে অসমৰ বন বিভাগে হাতী চাৰিটা এখন যাত্ৰীবাহী ৰেইলৰ জৰিয়তে পৰিবহণৰ বাবে হোচা দিয়া আৰু ইয়াৰ বাবে ব্ৰহ্মপুত্ৰ মেইলকে উত্তম বিকল্প হিচাপে চিনাক্ত কৰা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে।

শনিবাৰে নিশা হাতী চাৰিটা পৰিবহণৰ বাবে তৎপৰতা প্ৰদৰ্শনৰ কাৰণ হৈছে ‘মধ্যভোগী’ দুজনে দেওবাৰে সন্ধিয়াৰ ভিতৰতে অসম সীমান্ত পাৰ হ’ব বিচাৰিছে।

হুকুমদাৰ খান আৰু ইমৰাণ খান দুয়োজনে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এবাৰ গোচৰ দুটা শুনানিৰ বাবে গ্ৰহণ কৰিলে হাতী চাৰিটা পৰিবহণ কৰাটো জটিল হৈ পৰিব।

যদি হাতী চাৰিটা স্থলপথেৰে পৰিবহণ কৰিব লাগে, অসম চৰকাৰৰ বন বিভাগে এখন নতুন পৰিবহণ অনুজ্ঞাপত্ৰ ইচ্ছ্যু কৰিব লাগিব।

আহমেদাবাদলৈ চাৰিটা হাতী পৰিবহণ কৰাৰ বিষয়টোক লৈ সংবাদ মাধ্যম গৰম হৈ থকাৰ মাজতে বিষয়টো শুকুৰবাৰে লোকসভাৰ শূন্যকালত উত্থাপিত হয়।

অসমৰ সাংসদ গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু তেওঁৱেই শুকুৰবাৰে লোকসভাৰ শূন্যকালত জাননী দিছিল।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd