NORTHEAST NOW (Assamese)

চান্দা দিবলৈ আইনী অনুমতি নথকা কোম্পানীয়ে ইলেক্ট্ৰৰেল বণ্ডৰ দ্বাৰা দিলে ১০৩ কোটিৰ চান্দা

April 10, 2024 3:18 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ ইলেক্ট্ৰৰেল বণ্ডৰ দ্বাৰা সংঘটিত ব্যাপক কেলেংকাৰী উজাগৰ হৈছে৷ শেহতীয়াকৈ নিৰ্বাচনী বণ্ড সন্দৰ্ভত প্ৰকাশ পোৱা তথ্যত প্ৰকাশ পাইছে যে কমেও ২০টা নতুন কোম্পানীয়ে বণ্ডৰ জৰিয়তে প্ৰায় ১০৩ কোটি টকা দান কৰিছে, যাৰ অস্তিত্ব তিনি বছৰতকৈয়ো কম। আইন অনুসৰি এনে কোম্পানীয়ে ৰাজনৈতিক অনুদান দিব নোৱাৰে।

দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি এই কোম্পানীসমূহে প্ৰথম নিৰ্বাচনী বণ্ড ক্ৰয় কৰাৰ সময়ত ইয়াৰে পাঁচটা কোম্পানী এবছৰতকৈও কম সময়ৰ বাবে আছিল। ইয়াৰে সাতটা এবছৰীয়া আৰু আন আঠটা মাত্ৰ দুবছৰ সম্পূৰ্ণ কৰিছিল।

উল্লেখ্য যে, ২০১৯ চনত ভাৰতীয় অৰ্থনীতি মন্দাৱস্থা অথবা মহামাৰীৰ মাজতে এই কোম্পানীসমূহৰ বহুকেইটা কোম্পানী আৰম্ভ হৈছিল। এই কোম্পানীসমূহে গঠন হোৱাৰ মাত্ৰ কেইমাহমানৰ পাছতে কোটি কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।

খবৰ অনুসৰি ১৯৮৫ চনৰ পৰা প্ৰতিষ্ঠাৰ তিনি বছৰৰ কম কোম্পানীক ৰাজনৈতিক অনুদান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেৱল ৰাজনৈতিক দলক দান দিয়াৰ উদ্দেশ্যে শ্বেল কোম্পানী স্থাপন কৰা নহয় আৰু এইদৰে ধন সৰবৰাহৰ মাধ্যমত পৰিণত নহয় তাৰ বাবে এই নিয়ম কৰা হৈছিল।

The Hinduৰ প্ৰতিবেদনত তালিকাভুক্ত ২০ টা কোম্পানীৰ ভিতৰত ১২ টা কোম্পানীৰ হায়দৰাবাদত মুখ্য কাৰ্যালয় আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই ১২টা কোম্পানীয়ে একেলগে ৩৭.৫ কোটি টকা অনুদান আগবঢ়াইছে আৰু ইয়াৰে প্ৰায় ৭৫ শতাংশ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে (বি আৰ এছ), বাকীখিনি আন দল তেলেগু দেশম পাৰ্টি (টিডিপি), কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ একাউণ্টলৈ আহে৷

Related News