• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না টেক্সৰ বাবে দিল্লীত ৭০শতাংশ বৃদ্ধি পালে সুৰাৰ দাম; তথাপি কমা নাই ভিৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 5, 2020 10:31 am

1 min read

liquor-1

প্রতিনিধিত্বমূলক ফাইল ফটো।

1.6k
VIEWS
Share on FacebookShare on Twitter

দিল্লীত সুৰাৰ দোকানৰ সন্মুখত মঙলবাৰে ৰাতিপুৱাৰে পৰা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ’ল। পুৱা ৫বজাৰ পৰাই শাৰী পাতি সুৰা ক্ৰয়ৰ বাবে অপেক্ষা কৰিলে সুৰাৰ গ্ৰাহকে।

দিল্লী চৰকাৰে সুৰাৰ দাম ৭০শতাংশ বৃদ্ধি কৰিছে যদিও গ্ৰাহকৰ মাজত ইয়াৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই।

দিল্লী চৰকাৰে সুৰাৰ ওপৰত বিশেষ কৰ’না টেক্স আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। মঙলবাৰৰ পৰা দিল্লীবাসীয়ে সুৰা ক্ৰয়ৰ বাবে ৭০শতাংশ অধিক দাম ভৰিব লাগিব।

সোমবাৰে সুৰা ক্ৰয়ৰ বাবে লোকৰ ভিৰ দেখি চৰকাৰ চিন্তিত হৈ পৰে। কৰ’নাৰ বিৰুদ্ধে চলি থকা যুঁজখন পথচ্যুত হৈ পৰাৰ শংকাই দেখা দিয়ে।

ইয়াৰ পাছতে দিল্লী চৰকাৰে সুৰাৰ এম আৰ পিৰৰ ওপৰত ৭০শতাংশ বিশেষ কৰ’না কৰ আদায় কৰাৰ নিৰ্দেশ জাৰি কৰে।

এতিয়া গ্ৰাহকে ৫০০টকা দামৰ বটলত ৮৫০ টকা ভৰিব লাগিব। সেইদৰে ১০০০ টকাৰ বটলত ১৭০০টকা আৰু ২০০০টকাৰ বটলত ৩৪০০টকা ভৰিব লাগিব।

দিল্লীৰ আবকাৰী আয়ুক্তই আৰক্ষী আয়ুক্তলৈ লিখা এখন পত্ৰত স্পষ্ট কৰি দিছে সুৰাৰ দোকানসমূহত সামাজিক দূৰত্বৰ নিয়ম পালন কৰোৱাৰ দায়িত্ব আৰক্ষীয়ে ল’ব লাগিব।

সুৰাৰ দোকানসমূহ পুৱা ৯বজাৰ পৰা সন্ধিয়া ৬বজালৈকে খোলা থাকিব। দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে সতৰ্ক কৰি দি কৈছে যে ৰাইজে বান্ধি দিয়া নিয়মসমূহ পালন নকৰিলে ৰেহাইসমূহ উঠাই লোৱা হ’ব।

Tags: COVID-19

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd