দিখৌত সন্ধানহীন পৰিয়ালটোৰ উদ্ধাৰ অভিযানত নামিল নৌসেনাৰ ডুবাৰু

Dikhow-570x320

শিৱসাগৰৰ দিখৌত ৩ দিন পূৰ্বে নিখোঁজ হোৱা ৫জনীয়া পৰিয়ালটোৰ আজিও সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলসমূহে। শনিবাৰে পৰিয়ালটোৱে এখন মাৰুতী ছুজুকী ডি’জায়াৰৰ সৈতে দিখৌত ডুবি গৈছিল।

উল্লেখ্য যে গভীৰত ডুব দিব পৰা ভাৰতীয় নৌসেনাৰ এটা ১০ জনীয়া ডুবাৰুৰ দল বিশাখাপট্টনমৰ পৰা আহি বিমানযোগে দিখৌমুখ আহি পাইছেহি আৰু ভাৰতীয় সেনাৰ পাৰা কামাণ্ডো, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী (NDRF)  আৰু ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ (SDRF)  গোটসমূহৰ সৈতে উদ্ধাৰ অভিযানত চামিল হৈছেহি।

ভাৰতীয় নৌসেনাৰ ডীপ ডাইভাৰ্ছ দলটোৰ সহযোগত আজি পুৱাৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

আজি মুঠ ৪৭ গৰাকী ডুবাৰুৱে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

ইয়াতে ভাৰতীয় সেনাৰ পাৰা কামাণ্ডো, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ ৯গৰাকী ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ৪গৰাকীকৈ, গেলাঘাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ৩গৰাকী, গুৱাহাটী ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ৫গৰাকী, ১০ গৰাকী সেনাবাহিনীৰ পাৰা কামাণ্ডো ডুবাৰু   আৰু ভাৰতীয় নৌসেনাৰ বিশেষ ৮গৰাকী ডুবাৰু আছে।

আজিৰ উদ্ধাৰ অভিযানত ১৪খন নাও ব্যৱহাৰ কৰা হৈছে।

ইয়াতে ভাৰতীয় সেনাৰ ২১পাৰা কামাণ্ডোৰ ১খন, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ ৩খন, ডিব্ৰুগড় আৰু শিৱসাগৰ ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ১খনকৈ, যোৰহাট আৰু গোলাঘাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ দুখনকৈ আৰু ভাৰতীয় নৌসেনাৰ বিশেষঈকৃত নাও আৰু আন দুখন নাও আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ।

এই উদ্ধাৰ অভিযানত মুঠ ১২৮গৰাকী বিষয়া নিয়োজিত হৈ আছে।

উদ্ধাৰ অভিযানটোত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ ৪২জন, ৭ জন ডিব্ৰুগড় ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ১১ জন শিৱসাগৰ ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ৬ জন যোৰহাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ৭ জন গোলাঘাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ১৪জন গুৱাহাটী ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ১৪ জন পাৰা কামাণ্ডো, ১০জন নৌসেনাৰ লোক, ৭ জন চিভিল ডিফেন্স আৰু ২০জন ৰাজ্যিক আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ লোক।

আনহাতে দিখৌৰ পানী অহৰহ বাঢ়ি আছে আৰু নদীখনৰ অন্তঃস্ৰোতে উদ্ধাৰ অভিযান আৰু কঠিন কৰি তুলিছে।

অৱশ্যে  শনিবাৰে আবেলি শিৱসাগৰৰ দিখৌমুখ এলেকাৰ অন্তৰ্গত ডিচিয়াল গাঁৱত মাৰুতী ছুইফট ডি’জায়াৰখনেৰে সৈতে দিখৌত নিমজ্জিত হোৱা হৰেন বৰাৰ ৫জনীয়া পৰিয়ালটোৰ এতিয়ালৈকে কোনো সন্ধান লাভ কৰিব পৰা নাই।