Misuse of funds: ৰাজ ভঁড়াল উদং! পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ এবছৰীয়া হেলিকপ্তাৰ বিলাসিতাৰ ছবি

Misuse of funds এফালে ৰাজকোষ উদং, আনফালে মুখ্যমন্ত্ৰী-মন্ত্ৰী-নেতাৰ হেলিকপ্তাৰত ভ্ৰমণৰ নামত বিলাসিতা। ফাদিল হৈছে ২০২১-২২ বৰ্ষত মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে হেলিকপ্তাৰত ভ্ৰমণ কৰা ব্যয়ৰ পৰিমাণ।

আৰ্থিকভাৱে অসমৰ অৱস্থা জুৰুলা হ’লেও বিজেপিৰ নেতা-মন্ত্ৰীয়ে এৰা নাই বিলাসিতা। হেলিকপ্তাৰ আৰু চাৰ্টাৰ্ড বিমানৰ বাবদ এটা বছৰত বিজেপি চৰকাৰে ব্যয় কৰিলে প্ৰায় ২০ কোটি টকা।

মৰিগাঁওৰ সহায় অসম নামৰ বেচৰকাৰী সংস্থাৰ জগদীশ মহন্ত নামৰ ব্যক্তিজনে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত চৰকাৰৰ পৰাই লাভ কৰিছে এই তথ্য। ২০২১-২২ বৰ্ষত মুঠ ১৯,৭১,৪২,৬০১ টকা হেলিকপ্তাৰ আৰু চাৰ্টাৰ্ড বিমান উৰুওৱাৰ নামত ব্যয় কৰিছে।

লগতে পঢ়ক: ‘শালক হাঁহে শিঙিয়ে’: কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনা কৰা বিজেপি কিমান মুক্ত বংশগত ৰাজনীতিৰ পৰা?

যি সময়ত বানত ৰাজ্যবাসীয়ে ককবকাই আছে, আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি ৰাখিছে, নিবনুৱা সমস্যাই যুৱ প্ৰজন্মক হতাশাত ভুগাইছে তেনে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীৰ ভ্ৰমণ বিলাসিতা দেখিবলৈ পোৱা গৈছে।

ৰাইজৰ ধন শৰাধ কৰিছে হেলিকপ্তাৰ চাৰ্টাৰ্ড বিমানত ঘূৰা-ফুৰা কৰাৰ নামত। কোভিডে অৰ্থনৈতিক অৱস্থা থান-বান কৰি গ’ল, হাজাৰ হাজাৰ সমস্যাত ভাৰাক্ৰান্ত ৰাইজ, সেই সময়তে অযথা ৰাজ বিলাসৰ নামত প্ৰায় ২০ কোটি টকা শৰাধ কৰা প্ৰসংগ সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে।

অৱশ্যে, সময়মতে সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ সমস্যাবোৰ ৰজাঘৰীয়াই সমাধান কৰাহেঁতেন ৰাজ্যবাসীৰ বান গৰাখহনীয়াত ককবকাবলগীয়া নহ’লহেঁতেন।

লগতে পঢ়ক: অমৰনাথ ডাৱৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, উদ্ধাৰ প্ৰায় ১৫,০০০ ব্যক্তিক

ভ্ৰমণ বিলাসৰ নামত এটা বৰ্ষত প্ৰায় ২০ কোটি টকাৰ শৰাধ কৰাৰ প্ৰসংগই চৰ্চা লাভ কৰোতেই ঋণগ্ৰস্ত চৰকাৰে পুনৰ ১০০০ কোটি টকা ধাৰ ল’বলগীয়া হৈছে।

ইপিনে, এই তথ্য প্ৰকাশ পোৱাৰ পাছতে ইয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

তেওঁ কয়, “মাৰ্চ মাহৰ ভিতৰত ১ লাখ চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে বৰঞ্চ আবেদনকাৰীৰ পৰা ৫০০ টকাকৈ লৈছে। কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে হেলিকপ্তাৰৰ নামত ২০ কোটি টকা খৰচ কৰিছে। যদি চৰকাৰে ২০ কোটি টকা চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্তাৰৰ নামত খৰচ কৰিব পাৰে তেন্তে নিবনুৱাৰ পৰা কিয় ধন লয়?”

যদি চৰকাৰৰ ধন আছে তেন্তে নিবনুৱাসকলৰ পৰা লোৱা ধনখিনি উভটাই দিবলৈ ভূপেন বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনায়।

লগতে পঢ়ক: Sri Lanka President flees: ৰাষ্ট্ৰপতি ভৱনত বিক্ষুব্ধ জনতাৰ আক্ৰমণ; ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়ন

আনহাতে, এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছে।

তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যিখন ৰাজ্য ১ লাখ ১০ হাজাৰ কোটি টকা ধাৰত পোত গৈ আছে, হিতাধিকাৰী সৃষ্টিৰ নামত বা অন্য ক্ষেত্ৰত বাৰেপতি ঋণ ল’বলগীয়া হৈছে সেই ৰাজ্যখনৰ ৰাজকোষৰ ধন অন্ততঃ অপ্ৰয়োজনীয়ভাৱে খৰচ কৰিব নালাগে।“

“হেলিকপ্তাৰৰ নামত ইমান কোটি টকা খৰচ কৰাটো অতিকৈ অপ্ৰয়োজনীয়। হেলিকপ্তাৰ ব্যৱহাৰ নকৰাকৈও মন্ত্ৰীসকল ঘূৰিব পাৰে কিছু কিছু ক্ষেত্ৰত। ৰাজ্যৰ  অৰ্থনৈতিক তথা বিত্তীয় অৱস্থা যদি ভাল হয়, তেতিয়া এনেধৰণৰ ধন শৰাধ কৰাত আপত্তি নাছিল। চৰকাৰে চৰকাৰী ব্যয় কৰাৰ ক্ষেত্ৰত কঠোৰ অনুশাসনমূলক ব্যৱস্থাটো নিজে গ্ৰহণ কৰা উচিত।“ শৰ্মাই এইদৰে কয়।

ইপিনে, ইয়াকলৈ নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ অসম, যুৱ শক্তিৰ ৰাজ্যিক প্ৰভাৰী তথা আপ অসমৰ মুখপাত্ৰ ৰূদ্ৰাংকুৰ হাজৰিকাই।

সৌজন্য: ট্ৰুথ

হাজৰিকাই কয় “চৰকাৰে ইমান টকা শৰাধ কৰি যদি হেলিকপ্তাৰ উৰুৱাব পাৰে তেন্তে ৰাজ্যৰ অন্যান্য সমস্যাসমূহ সমাধানত কিয় গুৰুত্ব আৰোপ নকৰে? টোলগেটৰ পৰা অত্যাধিক পৰিমাণে জনতাৰ পৰা কৰ লৈ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা হৈছে কিয়?”

 

তেওঁ লগতে কয়, “এই চৰকাৰখনে পুঁজিপতিৰ হৈ কাম কৰি আহিছে। হেলিকপ্তাৰৰ ইন্ধন কিনি চৰকাৰী ৰাজকোষ উদং কৰি নিয়াৰ সমান্তৰালকৈ পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ লগতে মাটি লিজত দিয়া ধৰণৰ কাম কৰিছে।“

এনেদৰে এতিয়া আৰ.টি.আই আবেদনৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিৰোধীৰ লগতে সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।