NORTHEAST NOW (Assamese)

চামগুৰিৰ নৈপৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কালান্তক ৰূপ

May 12, 2019 9:52 am · ভার্গব হাজৰিকা
চামগুৰিৰ নৈপৰীয়া অঞ্চলত লুইতৰ গৰাখহনীয়াৰ বিধ্বংসী ৰূপ। ফটো : নৰ্থইষ্ট নাও

চৰকাৰ তথা বিভাগীয় অকৰ্মণ্যতাৰ বাবে কেৱল মাত্ৰ অসমৰ মানচিত্ৰতহে অঁকা থাকিব চামগুৰিৰ এটা নৈপৰীয়া বৃহত্তৰ অঞ্চল। বছৰৰ প্ৰথমটো বাৰিষা ন’হওঁতেই ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ কবলত পৰি সম্প্ৰতি চপৰা-চপৰে খহিছে চামগুৰিৰ লাওঁখোৱা-ভূৰবন্ধাৰ নিকটৱৰ্ত্তী ৪নং ভগামুখৰ ডৰাই-ডৰাই মাটি।

পুনঃ আৰম্ভ হৈছে নৈপৰীয়া অঞ্চলটোত ব্যাপক ৰূপত গৰাখহনীয়া। বৃহত্তৰ অঞ্চলটোৰ দৰিদ্ৰ কৃষকৰ পৰিয়াল সমূহৰ মাজত হাহাকাৰ লাগিছে।  ৪নং ভগামুখৰ নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰী পলকতে নিঃশেষ হৈছে, নিশ্চিহ্ন হৈছে খেতি-মাটি।

ঘৰৰ চোতালৰে বৈ যোৱা মহাবাহুৰ ৰুদ্ৰমূৰ্তি দেখি জন্মৰে পৰা বসবাস কৰি অহা নিজৰ থকা ঘৰখনক ভাঙি-চিঙি এতিয়া নিৰাপদ আশ্ৰয় বিচাৰি ঢাপলি মেলিবলৈ বাধ্য হৈছে গাওঁখনত যোৱাতো বানত বাকী ৰৈ যোৱা শেষৰ কেইটা পৰিয়ালে।

উল্লেখযোগ্য যে, ৪নং ভূৰবন্ধাৰ পৰা বুঢ়াচাপৰি ধনীয়াগাঁও পৰ্য্যন্ত বৃহত্তৰ অঞ্চলটোত ক্ৰমশঃ বৃদ্ধি পাই অহা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ বাবে যোৱা বছৰো ৪নং ভগামুখ গাওঁৰ প্ৰায় শতাধিক দৰিদ্ৰ কৃষকৰ পৰিয়ালে নিজৰ সকলো হেৰুৱাই আঁতৰি গৈছিল সমীপৱৰ্ত্তী অঞ্চললৈ। কিন্তু অতি উদ্বেগজনক ভাবে আজি পৰ্য্যন্ত কেৱল কথাৰ ফুলজাৰিৰ বাহিৰে একো ব্যৱস্থাই নললে জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীৰ লগতে অকৰ্মণ্য সংশ্লিষ্ট বিভাগটোৱে।

গৰাখহনীয়াৰ ফলত ঘৰ বাৰী ভাঙি নিৰাপদ স্থানলৈ যাব ওলাইছে গাওঁবাসী। ফটো : নৰ্থইষ্ট নাও

যোৱা বছৰৰ বাৰিষা চামগুৰিৰ নৈপৰীয়া অঞ্চলটোত সৃষ্টি হোৱা চূড়ান্ত দুৰ্যোগৰ সময়ত মন্ত্ৰী কেশৱ মহন্তই ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে বাঁহৰ পাৰ্কুপাইন আৰু বাৰিষা পাৰ হৈ যোৱাৰ পাছত চৰকাৰী আঁচনিৰ অধীনত পকী পাৰ্কুপাইনৰ ব্যৱস্থা কৰা হ’ব বুলি ভুক্তভোগী ৰাইজক সদম্ভে দিয়া আশ্বাসো এটা বছৰে ফুটুকাৰ ফেনত পৰিণত হ’ল।

সেইয়াই আছিল শেষ, তাৰ পাছত আজি পৰ্য্যন্ত তথা অঞ্চলবাসীৰ দুৰ্যোগৰ পৰতো মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিয়াগোম বিভাগটোৰ এজনো আমোলা-বিষয়াক নৈৰ পাৰৰ দুৰ্ভগীয়া ৰাইজৰ মাজত দেখা নাপাই এতিয়া চূড়ান্তভাৱে অসন্তুষ্ট তথা ক্ষোভিত ৪নং ভগামুখবাসী ৰাইজ।

মন্ত্ৰী কেশৱ তথা সংশ্লিষ্ট বিভাগৰ চূড়ান্ত অৱহেলাৰ পৰিণতিৰ ফলত সমাগত ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ কবলত পৰি গাওঁখন সমুলঞ্চে নিশ্চিহ্ন হোৱাৰ পূৰ্বে মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা কৰিব নোৱাৰিলে সমগ্ৰ অঞ্চলটো কেৱল মাত্ৰ অসমৰ মানচিত্ৰতহে যে অঁকা থাকিব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে।

Related News