• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক বাঙালীমুক্ত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বাঙালী সংগঠনৰ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 12, 2019 9:02 am
11-05-19 Guwahati- All Assam Bengali youth-Students’ federation PMT (3)

গুৱাহাটীত শনিবাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সংবাদমেল। ফটো : য়ু বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ দাবী-আপত্তি চলি থকাৰ সময়ত বিভিন্ন স্থানৰ পৰা অহা ভুৱা আপত্তিৰ অভিযোগৰ বিষয়টো চৰ্চাত থকাৰ মাজতে ইয়াক বাঙালী লোকৰ প্ৰতি ষড়যন্ত্ৰ আখ্যা দিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপক দেই এই গুৰুতৰ অভিযোগ আনিছে। এন আৰ চিৰ পৰা বহু লক্ষ লক্ষ প্ৰকৃত ভাৰতীয় লোকৰ নাম বাদ পৰিব বুলিও তেওঁ মন্তব্য কৰে।

Apply Now

‘’যিখন এন আৰ চি প্ৰস্তুত হ’বলৈ গৈ আছে তাৰ পৰা বহু লক্ষ লক্ষ প্ৰকৃত ভাৰতীয় বাঙালী লোকৰ নাম বাদ পৰিব। কাৰণ অসমৰ এচাম উগ্ৰ জাতীয়তাবাদী আৰু বাঙালী বিৰোধী লোকে অসমৰ লগতে হ’বলগীয়া এন আৰ চি খনক বাঙালী মুক্ত কৰাৰ চেষ্টা চলাই আছে’’,-দীপক দেৰ মন্তব্য।

তেওঁ আছু আৰু এবছুৰ প্ৰতিও এইক্ষেত্ৰত সন্দেহৰ আঙুলি টোঁৱাইছে। তেওঁ লগতে কয় যে আছু বা এবছুৰ সদস্যই বাঙালী লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰাটো দুৰ্ভাগ্যজনক।

ইপিনে, আপত্তি দাখিল কৰা ব্যক্তিসকল শুনানিত উপস্থিত নথকা বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভুৱা আপত্তি দাখিল কৰা তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইপিনে বহু বাঙালী লোকক একপক্ষীয় ৰায়ৰ জৰিয়তে বিদেশীৰ নামত যধে-মধে ডিটেনশ্যন কেম্পলৈ নিক্ষেপ কৰা বুলি মন্তব্য কৰি সেইসকল লোকৰ ক্ষেত্ৰত ন্যায়ালয়ত আত্মপক্ষ সমৰ্থনৰ সুবিধা দিয়াৰ দাবী জনায়। এইক্ষেত্ৰত ‘নিৰপেক্ষতাৰ শপত লোৱা’ চৰকাৰখনক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

একেখন সংবাদমেলতে বিশিষ্ট সমাজসেৱক ৰক্তিম স্বামীয়ে বিজেপিৰ দিনত বাঙালী লোকসকল অধিক নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে বুলি মন্তব্য কৰে।

‘’অগপ-কংগ্ৰেছৰ আমোলত আমি এনেকুৱা নিৰাপত্তাহীনতাত ভোগা নাছিলো। চৰকাৰৰ দায়িত্ব জনসাধাৰণৰ জীৱন সম্পত্তিৰ সুৰক্ষা দিয়া। কিন্তু এতিয়া সম্পত্তি দূৰৈৰ কথা, জীৱনৰে সুৰক্ষা নাই,’’-ৰক্তিম স্বামীয়ে সংবাদমেলত কয়।

নিৰাপত্তাহীনতাত ভূগি অসমৰ বহু হিন্দু বাঙালী লোকে এতিয়া অসম এৰি কলকাতা, দিল্লী আদিত থাকিবলৈ লৈছে বুলিও তেওঁ মন্তব্য কৰে। কেৱল ভোট দিবলৈহে তেওঁলোক অসমলৈ আহে বুলিও তেওঁ কয়।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd