মাৰাঠী সাহিত্য মহলত হয়তো দেৱদাস সদাগৰৰ নাম কম বিখ্যাত,কাৰোবাৰ বাবে হয়টো পৰিচিত অথবা কাৰোবাৰ বাবে নহয়৷ কিন্তু এতিয়া সমগ্ৰ দেশতে দেৱদাস সদাগৰৰ নাম চৰ্চিত হৈছে। দৰ্জী সমাজৰ জীৱনৰ ওপৰত ৰচিত সদাগৰৰ উপন্যাস ‘উছৱান’ৰ বাবে তেওঁক মাৰাঠী ভাষাত সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ২০২৪ বঁটাপ্ৰদান কৰা হৈছে। দেৱীদাস এই পৰ্যায়লৈ দৰিদ্ৰতাৰ পৰা উঠি আহিছিল, দৰিদ্ৰতাৰ বাবে তেওঁৰ নিয়মীয়া বিদ্যালয়ৰ শিক্ষা বন্ধ কৰিছিল যদিও তেওঁ পঢ়া-শুনা এৰি দিয়া নাছিল। মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উপাৰ্জন কৰি অধ্যয়ন সম্পূৰ্ণ কৰে।আনকি উপন্যাসখন প্ৰকাশ কৰিবলৈয়ো সদাগৰে বহু সংগ্ৰাম কৰিবলৈ বাধ্য হৈছিল।
দেৱীদাস সদাগৰ এগৰাকী এনে সাহিত্যিক যাৰ কাহিনী প্ৰেৰণাৰে পৰিপূৰ্ণ। সপ্তম শ্ৰেণীৰ পাছত তেওঁ স্কুল এৰি দৰ্জীৰ কাম আৰম্ভ কৰে আৰু পাঁচ হাজাৰ টকাত চকীদাৰৰ কাম কৰে। ৰেডিমেড কাপোৰে কেনেকৈ দৰ্জীৰ কাপোৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিলে, সেই ধাৰণাটোৰ পৰাই সদাগৰৰ কিতাপৰ চিন্তা উদ্ভৱ হয়।
সমগ্ৰ ভাৰতৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২৩ গৰাকী লেখকৰ ভিতৰত অন্যতম সদাগৰে কয়, ‘Covid ৰ সময়ত কোনো কাম নাছিল আৰু মই পূৰ্ণকালীনভাৱে লিখিবলৈ আৰম্ভ কৰিছিলোঁ। ২০২১ চনত কবিতা সংকলন আৰু ২০২২ চনত ‘উছৱান’ সংকলন কৰিলোঁ। ১০ জন ডাঙৰ প্ৰকাশকৰ ওচৰলৈ লৈ গ’লোঁ, কিন্তু উপন্যাসখন নাকচ কৰা হ’ল।’
তদুপৰি সদাগৰে উল্লেখ কৰে যে শেষত দেশমুখ এণ্ড কোম্পানীৰ মুক্তা গ’ড়বোলেই উপন্যাসখনৰ ৫০০ কপি প্ৰকাশ কৰিছিল। ৩৩ বছৰীয়া মুক্তা মহাৰাষ্ট্ৰৰ প্ৰৱণ ধৰাশিৱ (পূৰ্বৰ ওছমানবাদ) জিলাৰ তুলজাপুৰত দৰিদ্ৰতাৰ মাজতে ডাঙৰ-দীঘল হৈছিল। নিজৰ মাটি নোহোৱাকৈয়ে তেওঁৰ ককাক আৰু দেউতাকে কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল আৰু এটা অস্থায়ী ঘৰত বাস কৰিছিল।
২০০৬ চনত সদাগৰে ঘৰৰ কাষৰ আই টি আই (পলিটেকনিক) এখনত দুবছৰ মটৰ মেকানিকৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও ২০০৮ চনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে সদাগৰৰ হাতত কোনো কাম নাছিল। সেইসময়তে তেওঁ উল্লেখ কৰে যে, ‘সেই সময়ত মই টেইলাৰিং আৰম্ভ কৰিছিলোঁ। জুনিয়ৰ কলেজত এডমিচন লৈছিলোঁ, কিন্তু পূৰ্ণকালীন কাম কৰাৰ বাবে মোৰ হাতত টকা-পইচা বা পঢ়া-শুনা কৰিবলৈ সময় নাছিল।
সদাগৰে সাহস নেহেৰুৱাই মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি ইতিহাসত এম এ কৰি ইংৰাজী-মাৰাঠী টাইপিং শিকি চাকৰিৰ সম্ভাৱনা বৃদ্ধি কৰে।
এটা সাক্ষাৎকাৰত দেৱদাসে কয় যে, ‘আমাৰ ঘৰত ৰেডিঅ’ নাছিল যদিও ওচৰৰ গাঁৱৰ লাইব্ৰেৰীত কমিকছ আছিল, যিবোৰ মই পঢ়িছিলোঁ। ডাঙৰ হৈ অহাৰ লগে লগে অান্নাভাউ সাথেৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ।’ সদাগৰে১৮ বছৰ বয়সলৈকে কবিতা আৰু গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ২০১৪–১৫ চনৰ আশে-পাশে তেওঁৰ চেলফোন নম্বৰৰ সৈতে তেওঁৰ এটা কবিতা মাৰাঠী কাকতত প্ৰকাশ পাইছিল।