শংকৰী সাহিত্য সংস্কৃতিৰ আজীৱন সাধক, বিশিষ্ট সাংস্কৃতিক কৰ্মী, ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা শিল্পী পেঞ্চনাৰ নগাঁৱৰ দেৱকান্ত মহন্তৰ সোমবাৰে নগাঁৱৰ জি ডি নাচিং হ’মত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা শংকৰী সাহিত্য-সংস্কৃতিৰ বৰেণ্য সাধকগৰাকীক তিনি দিনৰ পূৰ্বে গুৱাহাটীৰ পৰা নগাঁৱলৈ আনি নগাঁৱৰ জি ডি নাচিং হ’মতে চিকিৎসাৰ ব্যবস্থা কৰা হৈছিল। কিন্তু সোমবাৰে পুৱা শিল্পীগৰাকীয়ে জীৱনৰ মায়া এৰি অনন্ত ধামলৈ গতি কৰে।
শিল্পীগৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা অসংখ্য গুণমুগ্ধই প্ৰয়াত দেৱকান্ত মহন্তৰ নগাঁও চহৰৰ লক্ষ্মীনগৰৰ বাসগৃহলৈ আহি শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কলিয়াবৰৰ শ্ৰীশ্ৰীমাধৱ আতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ টংকেশ্বৰ মহন্ত আৰু প্ৰয়াত তিলেশ্বৰী মহন্তৰ পুত্ৰ হিচাপে ১৯৫১ চনৰ ১০ নৱেম্বৰত জন্ম গ্ৰহণ কৰা দেৱকান্ত মহন্তই প্ৰাথমিক শিক্ষা কলিয়াবৰতে গ্ৰহণ কৰিছিল। হাইস্কুলীয়া শিক্ষা নগাঁৱৰ হাতীচোং অঞ্চলৰ ভালুকমাৰীত থাকি কুঁজীদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰাৰ পিচত নগাঁও চহৰৰ লক্ষ্মীনগৰত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰে নগাঁও আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত।
নগাঁও ছোৱালী কলেজৰ কাৰ্যালয় সহায়ক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা দেবকান্ত মহন্তই জখলাবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ত সংস্কৃত বিষয়ত শিক্ষকতা কৰাৰ পাছত ১৯৮১ চনত ভাৰতীয় ষ্টেট বেংকত যোগদান কৰি এগৰাকী বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।
নগাঁৱৰ লক্ষ্মীনগৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ নগাঁৱৰ বিভিন্ন সাহিত্য-সংস্কৃতি অনুষ্ঠানৰ লগত সংপৃক্ত হৈ পৰে মৃত্যৰ সময়লৈকে জড়িত হৈ থাকে। শংকৰী সংগীত, নৃত্য, বাদ্য, ভাওনা আদিৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন জীপাল কৰা এইগৰাকী শিল্পীয়ে ৯০খনৰো অধিক ভাওনা আৰু সামাজিক নাটকত স্ত্ৰী-পুৰুষ উভয় চৰিত্ৰতে অভিনয় কৰি সুনাম অৰ্জন কৰিছিল।
প্ৰয়াত মহন্ত প্ৰায় ২৩ বছৰ কাল বিভিন্ন ঠাইত কেলিগোপাল ৰাস ভাওনাৰ এগৰাকী পৰিচালক হিচাপেও সুনাম আছিল। ইয়াৰ উপৰি আকাশবাণী গুৱাহাটীৰ যোগে প্ৰায় ১২ বছৰ ধৰি প্ৰসংগীয়া নাম পৰিবেশন কৰিছিল। এগৰাকী কণ্ঠশিল্পী হিচাপেও তেখেত পৰিচিত আছিল।
এইগৰাকী সাধকে কেইবাখনো অসমীয়া ভাওনা ৰচনা কৰিছিল। গুৱাহাটীৰ দূৰদৰ্শন যোগে প্ৰচাৰিত হৈছিল তেখেতৰ দ্বাৰা পৰিচালিত ভাওনা। তেখেতে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ ভাওনা ডক’মেন্টৰীৰ ভাওনা অংশৰ পৰিচালনা কৰিছিল। নগাঁও ভাওনা সমাৰোহৰ লগত অতি নিবিড়ভাবে জড়িত থকা মহন্তই ২০১২-১৩ বৰ্ষত সম্পাদকৰ দায়িত্ব লাভ কৰিছিল।
তদুপৰি ছন্দে-ছন্দে স্বৰগম(গীতৰ পুথি), বিপ্লৱী শিল্পী বিষ্ণু ৰাভা, নাট আৰু নাটক(ভাওনা আৰু সামাজিক নাট), মহাপুৰুষীয়া সংস্কৃতিৰ পম খেদি, প্ৰজ্ঞান আদি গ্ৰন্থ ৰচনা কৰাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হিচাপে শিশু সাহিত্যৰ বিশেষ সংখ্যা, গীতি সাহিত্যৰ বিশেষ সংখ্যা, তোষেশ্বৰ শৰ্মাৰ ৰচনাৱলী, ৩০ খনৰো অসমীয়া ভাওনাৰ সম্পাদনা কৰিছিল।
নগাঁও জিলা সত্ৰ মহাসভা, গান্ধাৰ, সাংস্কৃতিক মহাসভা, বিদ্যামন্দিৰ জাতীয় বিদ্যালয়, অখিল ভাৰতীয় সাহিত্য পৰিষদ, নগাঁও ভাওনা সমাৰোহ, ভাৰতীয় ষ্টেট বেংক আদি কৰি বহু অনুষ্ঠানে সম্বৰ্ধনা জনোৱা এইগৰাকী শিল্পীক চলিত বৰ্ষতে জীৱন জোৰা সাধনাৰ বাবে অসম চৰকাৰে নলবাৰীৰ এক অনুষ্ঠানত জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে আৰু এই বৰ্ষতে শিল্পী পেঞ্চনো প্ৰদান কৰে।
অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক উপ-সভাপতি দেৱকান্ত মহন্ত জড়িত আছিল কলিয়াবৰ নিজ সত্ৰৰ মাধতাৰি শিল্পী সমাজ, অসম সাহিত্য সভা, প্ৰগতি সমাজ, সন্ধানী সাহিত্য সমাজ, সংগীত শিল্পী মঞ্চ, নগাঁও জিলা পাঠক শিল্পী সমন্বয় সমিতি, নগাঁও জিলা মইনা পাৰিজাত, ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী সন্থা, শ্ৰীমন্ত শংকৰ মিশ্যন, নগাঁও জিলা সত্ৰ মহাসভাকে লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত।
তেওঁৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী, নগাঁও প্ৰেছ ক্লাৱে শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, দুগৰাকী জীয়ৰী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। আনহাতে, দুপৰীয়া চহৰখনৰ মধুপূৰ সাৰ্বজনীন শ্মশানত তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয়।