DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত উপস্থিত হৈ ৰাজ্যত গাড়ী চুৰি চক্ৰ সমূলি উৎখাতৰ হুংকাৰ দিলে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 16, 2021 9:18 pm
dg

*

95
VIEWS
Share on FacebookShare on Twitter

আন্ত:ৰাজ্যিক বাইক চুৰি চক্ৰ উৎখাত সম্পৰ্কত ঘটনাৰ বুজ লোৱাৰ বাবে আজি দুধনৈত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।

উল্লেখ্য যে, দুধনৈ আৰক্ষীয়ে সফল অভিযান চলাই বিগত দহটা দিনত বৃহৎ যানবাহন চুৰি চক্ৰ এটা উৎখাত কৰা কৰিবলৈ সক্ষম হৈছে ৷

ইতিমধ্যে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও দুধনৈ আৰক্ষীৰ সফলতাক শলাগ লৈছে ৷
উল্লেখযোগ্য যে, দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত বিগত দহ দিনত গোৱালপাৰা জিলাৰ উপৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে বিভিন্ন অঞ্চলৰ পৰা বৰ্তমানলৈ ৫১ খন চুৰি বাইক, এখন টাটা ডি,আই বাহন উদ্ধাৰৰ লগতে ২৩ জন বাইক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

লগতে চুৰি বাহনৰ ভুৱা পঞ্জীয়ন কৰা লেপটপ, প্ৰিন্টাৰ, চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ লগতে ভুৱা নম্বৰ প্লেট সফলতাৰে অভিযান চলাই উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

যোৱা ৫ জুনৰ পৰা বৰ্তমানলৈ আৰক্ষীয়ে বাইক চুৰি চক্ৰ উৎখাতৰ বাবে জোৰদাৰ অভিযান চলাই গৈছে ৷ ৫ জুনত দুধনৈ আৰু ৰংজুলি আৰক্ষীৰ যুতীয়া অভিযানত ৰংজুলি ফৰেষ্ট কাণকাটাৰ পৰা কুখ্যাত বাইক চোৰ আব্দুল বাৰিকক গ্ৰেপ্তাৰ কৰিছিল ৷

তাৰ পিছতে মূল অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেফটাৰ কৰিবলৈ সক্ষম হৈছে ২৩ জনকৈ চোৰক ৷ লগতে উদ্ধাৰ হৈছে অৰ্ধ শতাধিক চুৰি বাহন ৷

দুধনৈত উপস্থিত হৈ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে গোৱালপাৰা আৰক্ষীক ধন্যবাদ জনায় ৷ অসমৰ পৰা গাড়ী চুৰি চক্ৰ সম্পূৰ্ণভাৱে উৎখাত কৰা হ’ব বুলি সাংবাদিকৰ আগত কয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷

আনহাতে মেঘালয়ৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ চুৰি বাইক ক্ৰয় কৰা লোক সকলক আৰক্ষীয়ে বিচাৰ খোচাৰ কৰাৰ আগতে থানাত জমা দিয়াৰ আহ্বান আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ৷

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd