Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাই DGP ৰে কথা পতা সন্দৰ্ভত আজি স্পষ্টীকৰণ দিয়ে ভাস্কৰজ্যোতি মহন্তই।
তেওঁ কয়, ‘৪ অক্টোৱৰত বৰুৱাই মোলৈ মেছেজ কৰাটো হয়। তেওঁ ‘যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত মোক জনাইছিল’।
‘আমি গ্ৰেপ্তাৰ কৰিম বুলিয়েই চিকিৎসকজনক জনাইছিলো, কিন্তু ৰাজকন্যা ICUত থকা বুলি গম নাপাওঁ,’ মহন্তই লগতে স্পষ্টীকৰণ দি কয়।
ইপিনে, তাজ ভিভাণ্টাৰ পাৰ্টীৰ চিচি টিভিৰ দৃশ্য সংগ্ৰহৰ নিৰ্দেশ দিয়ে DGP মহন্তই।
পাৰ্টীত কোন কোন আছিল, কি সেৱন কৰিছিল? সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিছে DGP গৰাকীয়ে।
উল্লেখযোগ্য যে ৰাজকন্যা বৰুৱাই জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক দিয়া ভাবুকিভৰা whatsapp msg আমাৰ হাতত আহি পৰিছেহি, য’ত ৰাজকন্যাই আত্মহত্যা কৰাৰ ভাবুকি দিছিল চিকিৎসক নৱনীল বৰুৱাক।
ৰাজকন্যাই GNRCৰ ওপৰৰ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ভাবুকি দিছিল।
ইপিনে, ৰাজকন্যাক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰাৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে চিকিৎসক নৱনীল বৰুৱাই ১১ মিনিট টেলিফোনিক বার্তালাপ কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।
আনকি সাংবাদিক অতনু ভূঞাইয়ো এই সন্দৰ্ভত DGP ASSAM POLICE ক MENTION কৰি টেগ কৰি টুইট কৰিছে।
এই সন্দৰ্ভত আমাৰ সাংবাদিকে কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাৰ সৈতে। তেওঁক সোধাত আৰক্ষীৰ তদন্তৰ খাতিৰত এতিয়া একো কথা নকওঁ বুলি উল্লেখ কৰাৰ লগতে দুদিনমান পাছত সবিস্তাৰে সকলো প্ৰকাশ কৰাৰ কথা স্পষ্ট কৰে।
Also Read: অৱশেষত আৰক্ষীৰ ওচৰত হাজিৰ লখিমপুৰ খেৰিৰ হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ
প্ৰশ্ন হৈছে “১১ মিনিট সময় আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কি কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাই?
আৰক্ষীৰ জেৰাত এই কথা উল্লেখ কৰাৰ পাছতে বা কল ৰেকৰ্ড জমা দিয়াৰ পাছতে কিয় হঠাৎ তদন্ত সামৰি বাসগৃহলৈ যাবলৈ দিয়া হ’ল নৱনীল বৰুৱাক?
যদি প্ৰকৃততে নৱনীল বৰুৱাই DGP ক ফোন কৰি সবিশেষ জনাইছিল, তেন্তে ফোন কৰাৰ পাছতে SEMI ICU কেনেকৈ লাভ কৰিলে মডেল ৰাজকন্যাই?
সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত হ’ব নে? নে ৰৌ বৰালি ওলোৱাৰ ভয়ত যৱনিকা পেলোৱা হ’ব ৰাজকন্যা আখ্যানৰ?