NORTHEAST NOW (Assamese)
অসম

আনুষ্ঠানিকভাৱে চাকৰি জীৱনৰ পৰা বিদায় জনোৱা হ’ল আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 30, 2019 1:08 pm
WhatsApp Image 2019-11-30 at 12.13.13 PM

কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ APBN কাৰ্যালয়ত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিদায় সম্বৰ্দ্ধনা জনোৱা হ’ল কূলধৰ শইকীয়াক।

বিদায় পেৰেড অনুষ্ঠানত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰকে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

বিদায়ৰ লোৱাৰ সময়ত শইকীয়াই সংবাদমাধ্যমৰ আগত কয়,”আজি  ডেৰ কুৰি বছৰৰ অন্তত চাকৰি জীৱন শেষ হ’ল। এই দীঘলীয়া পৰিক্ৰমাত বহু মানুহ লগ পালো।”

“সামূহিকভাৱে অসমৰ ৰাইজে যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰবাবে তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ,”-শইকীয়াই কয়।

ইপিনে ভৱিষ্যত সময় কিদৰে অতিবাহিত কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়, “সামাজিক কামৰ সৈতে জড়িত থাকি ভাল পাওঁ। অসমৰ ৰাইজৰ লগ লাগি সামাজিক কাম কাজ কৰাৰ মাদকতা আছে।”

চাকৰি জীৱনৰ অভিজ্ঞতা সম্পৰ্কে কিতাপ আকাৰে ছপা কৰি উলিয়াব বুলিও শইকীয়াই লগতে সদৰী কৰে।

তেওঁ কয়, “জীৱনটোত কামবিলাক আধৰুৱা যেনেই লগা হয়। কামত আধৰুৱা থকাটো ভাল। আধৰুৱা থাকিলে মনত ড্ৰাইভ এটা থাকে কিন্তু পৰিপূৰ্ণতাত নাথাকে।”

উল্লেখ কৰিব পাৰি যে ১৯৮৫ বৰ্ষৰ আই পি এছ শইকীয়াই যোৱা বৰ্ষৰ ২৫ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁৰ পাছতেই ভাস্কৰ জ্যোতি মহন্তক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে।

তদুপৰি, ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগ দিয়াৰ পূৰ্বে নতুন দিল্লীত পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনৈতিক সেৱাৰ বিষয়া হিচাপে কাম কৰা শইকীয়াই ভাৰতীয় ৰে’লটো কিছুকালৰ বাবে ট্ৰেফিক সেৱাৰ বিষয়া হিচাপে কাম কৰিছিল।

শইকীয়া অসমীয়া সাহিত্যৰ এজন জনপ্ৰিয় তথা সংবেদনশীল গল্পকাৰ। গল্পৰ স্বীকৃতি হিচাপে শইকীয়াই সাহিত্য একাডেমি বঁটাও লাভ কৰিছে।

আৰক্ষী সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট বৰঙণিৰ বাবে তেওঁ দুবাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকো লাভ কৰিছিল।