• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচুড়ে

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় তেওঁৰ উদাৰ আৰু প্ৰগতিশীল বিচাৰৰ বাবে পৰিচিত, শেহতীয়াকৈ অবিবাহিত মহিলাসকলে ২৪ সপ্তাহলৈকে গৰ্ভপাত কৰাৰ অধিকাৰৰ ৰায়দান কৰিও চন্দ্ৰচূড়ে প্ৰগতিশীলতাৰ পৰিচয় দিছিল। আনকি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় সন্মতিসূচক সমকামিতাক অপৰাধমুক্ত কৰা আৰু ২১ নং অনুচ্ছেদৰ অধীনত গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা সাংবিধানিক বিচাৰপীঠৰো সদস্য আছিল।

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
November 9, 2022 12:48 pm
117
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচুড়ে।  চমুকৈ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় হিচাপে পৰিচিত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত মুখ্য ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায়।

উল্লেখ্য যে বিদায়ী মুখ্য ন্যায়াদীশ ইউ ইউ ললিতে ১১ অক্টোবৰত ন্যায়াধীশ চন্দ্ৰচুড়ৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে অনুমোদন কৰিছিল। চিজেআই হিচাপে ন্যায়াধীশ চন্দ্ৰচুড়ে ২০২৪ চনৰ ১০ নৱেম্বৰলৈকে অৰ্থাৎ দুবছৰতকৈ অধিক দিন কাৰ্যনিৰ্বাহ কৰিব। শেহতীয়া সময়ত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে চন্দ্ৰচূড়েই দীৰ্ঘদিনীয়া দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিব।

প্ৰণিধানযোগ্য যে ন্যায়াধীশ চন্দ্ৰচুড়ৰ পিতৃ ন্যায়াধীশ ৱাই ভি চন্দ্ৰচুড়ো দেশৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ পিতৃয়ে ১৯৭৮ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে ভাৰতৰ ১৬ সংখ্যক মুখ্য ন্যায়াধীশ আছিল।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় তেওঁৰ উদাৰ আৰু প্ৰগতিশীল বিচাৰৰ বাবে পৰিচিত, শেহতীয়াকৈ অবিবাহিত মহিলাসকলে ২৪ সপ্তাহলৈকে গৰ্ভপাত কৰাৰ অধিকাৰৰ ৰায়দান কৰিও চন্দ্ৰচূড়ে প্ৰগতিশীলতাৰ পৰিচয় দিছিল। আনকি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় সন্মতিসূচক সমকামিতাক অপৰাধমুক্ত কৰা আৰু ২১ নং অনুচ্ছেদৰ অধীনত গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা সাংবিধানিক বিচাৰপীঠৰো সদস্য আছিল। তেওঁ সকলো বয়সৰ মহিলাৰ সবৰীমালা মন্দিৰত প্ৰৱেশৰ অধিকাৰ প্ৰদান কৰাৰ ৰায় প্ৰদানতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অযোধ্যা-বাবৰি মছজিদ গোচৰৰ সিদ্ধান্ত লোৱা ৫ জনীয়া বিচাৰপীঠৰ সদস্যও আছিল ন্যায়াধীশ চন্দ্ৰচুড়।

২০১৬ চনৰ ১৩ মে’ত ন্যায়াধীশ চন্দ্ৰচুড়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে ২০০০ চনৰ ২৯ মাৰ্চত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ পৰাই তেওঁৰ ন্যায়িক কেৰিয়াৰ আৰম্ভ হয়। ১৯৯৮ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা সময়লৈকে তেওঁ ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৮ চনত বম্বে উচ্চ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰিছিল। ন্যায়াধীশ চন্দ্ৰচুড়ে নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল’ চেণ্টাৰৰ পৰা এল এল বি  আৰু আমেৰিকাৰ হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা এল এল এম ডিগ্ৰী আৰু ফৰেনছিক বিজ্ঞান (এছ জে ডি)ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd