NORTHEAST NOW (Assamese)

মেট্ৰিকৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা; সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হাইলাকান্দিত

May 15, 2019 10:16 am · এন ই নাও নিউজ
Updated: May 15, 2019 10:48 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৮৩.২৮ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বান বিধ্বস্ত ধেমাজি জিলাই।

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাৰ সৰ্বমুঠ ১২,৬৫০ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ১০,৫৩৫ জনে সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১,৭৮২ গৰাকী, দ্বিতীয় বিভাগত ৪,০৩৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৭১৪ গৰাকী পৰীক্ষাৰ্থী।

আনহাতে ধেমাজিৰ পাছতে ৭০.২০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। জিলাখনত ১২,৬১৬ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৮,৮৫৬ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৭৫৮ গৰাকী, দ্বিতীয় বিভাগত ৩১১১ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৯৮৭ গৰাকী।

ইফালে ৭০.০৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী জিলা। জিলাখনৰ ১০,১৩৫ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৭১০৩ গৰাকী পৰীক্ষাৰ্থী। প্ৰথম বিভাগত ২০৪৫ গৰাকী, দ্বিতীয় বিভাগত ২৫৪৯ গৰাকী আৰু তৃতীয় বিভাগত ২৫০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে হাইলাকান্দি জিলাই। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৩৯.০১ শতাংশ।

Related News