“অসম আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াম”, সোণোৱাল-হিমন্ত বিশ্বলৈ কৃতজ্ঞতাৰে হিমা

Hima Das wins gold at Poland

হিমা দাসৰ ফাইল ফটো।

অসম চৰকাৰে শুকুৰবাৰে হিমা দাসলৈ উপ আৰক্ষী অধীক্ষকৰ পদ আগবঢ়োৱাত ক্ৰীড়া তাৰকাগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

“….মোৰ প্ৰাপ্তিক স্বীকৃতি দিয়া আৰু উৎসাহিত কৰাৰ বাবে সন্মানীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মোৰ হৃদয়ভৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই মোৰ সীমাক প্ৰসাৰিত কৰিবলৈ আৰু আহি থকা খেলসমূহত পাৰদৰ্শিতা প্ৰদৰ্শন আৰু অসম আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আজি মই মোৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দোহাৰিলো,” হিমাৰ টুইট।

সোণোৱাল চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

শৰ্মাই কৰা ঘোষণা অনুসৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকলক ৰাজ্য চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।

এই নীতিৰ প্ৰথমগৰাকী হিচাপে হিমা দাসৰ নাম ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।

তাৰোপৰি, বিগত বৰ্ষৰ বাজেটত ৰাজ্যৰ ১,০০০ গৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ গাইপতি ৫০,০০০ টকাকৈ এককালীন অনুদান আগবঢ়োৱাৰ ঘোষণা চলিত বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা হ’ব।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ডিব্ৰুগড় জিলাৰ চাবুৱাত ৰাজ্যখনৰ ভিতৰত প্ৰথম পদক্ষেপ হিচাপে অনিৰুদ্ধদেৱ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে।

এই বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শাৰীৰিক শিক্ষা, ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া প্ৰযুক্তি, ক্ৰীড়া ঔষধ আৰু ক্ৰীড়া পৰিচালনা ইত্যাদি পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।