• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰাং কাঠ সৰবৰাহৰ কৰিডৰত পৰিণত ধলা-শদিয়া সেঁতু; শদিয়াত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 10, 2019 9:11 am

2 min read

চোৰাং কাঠ সৰবৰাহৰ কৰিডৰত পৰিণত ধলা-শদিয়া সেঁতু; শদিয়াত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
10.9k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ধলা এলেকাৰ কাঠ মাফিয়া চক্ৰ এটাই ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুখনক অৰুণাচলৰ চোৰাং কাঠ সৰবৰাহৰ কৰিডৰত পৰিণত কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

মঙলবাৰে, বিজয়া দশমীৰ নিশা সেঁতুখনৰ পৰা কিছু নিলগত শদিয়াৰ পুৰণি লখিমপুৰীয়া গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মাৰি চোৰাং কাঠভৰ্তি এ এছ ০১ ডি চি-২০৯৬ নম্বৰৰ এখন দহ চকীয়া ট্ৰাক দুৰ্ঘটনাত পতিত হয়।

বন বিভাগৰ বিৰুদ্ধে চোৰাং কাঠ মাফিয়াৰে গোপন বুজাবুজিৰ অভিযোগ সঘনাই উত্থাপিত হৈ অহাৰ সময়তে একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ সেউজ সংকেতত ধলাৰ কাঠ মাফিয়া চক্ৰৰ সদস্যই বিজয়া দশমীৰ দিনা ধলা-শদিয়া সেঁতুৱেদি অৰুণাচলৰ চোৰাং কাঠ বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লওঁতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হ’ল।

ট্ৰাকখনৰ চালকে চোৰাং কাঠভৰ্তি ট্ৰাকখন পথৰ দাঁতিতে এৰি থৈ পলায়ন কৰে। উল্লেখযোগ্য যে দহ চকীয়া ট্ৰাকখন যোৱা ৭ অক্টোবৰৰ নিশাই শদিয়াৰ অসম-অৰুণাচল সীমান্ত চূণপোৰা গেটেৰে অসমত প্ৰৱেশ কৰিছিল।

দুৰ্ঘটনাত পতিত ট্ৰাকখন শদিয়াৰ বনাঞ্চলিক বিষয়াই বিজয়া দশমীৰ নিশাই জব্দ কৰে যদিও বুধবাৰেহে দুৰ্ঘটনাস্থলীৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ পৰা জব্দ কৰা কাঠখিনিৰ সন্দৰ্ভত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিত দিহিঙীয়াই তদন্ত আৰম্ভ কৰিছে।

ন-শদিয়া আৰক্ষী চকীৰ গাতে লাগি থকা ন-শদিয়া-চূণপোৰা সংযোগী অসম-অৰুণাচল সীমান্ত পথেৰে চোৰাং কাঠভৰ্তি উক্ত ট্ৰাকখন কিদৰে পাৰ হৈ আহিছিল তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ৫ৰ পৰা ৮ অক্টোবৰৰ ভিতৰত উক্ত আৰক্ষী চকীৰ সন্মুখেদি অৰুণাচলৰ চোৰাং কাঠভৰ্তি মুঠ ১১ খন ট্ৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰিছিল।

এইক্ষেত্ৰত সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত শদিয়াৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে কয় যে চোৰাং কাঠ সৰৱৰাহত জড়িত কাঠ মাফিয়াৰ বিৰুদ্ধে শদিয়াত বন বিভাগে অভিযান অব্যাহত ৰাখিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd