• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদ কঁপাব ধোনীয়ে! ‘ডগ হাউছ’ত সঞ্জয় দত্তৰ সৈতে দেখা যাব ক্ৰিকেটৰ বাহুৱলীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2019 5:17 pm

2 min read

Dhoni_Sanjay 7

ধোনী আৰু সঞ্জয় দত্তই অভিনয় কৰিব 'ডগ হাউছ'ত।

3.1k
VIEWS
Share on FacebookShare on Twitter

বলীউদত খোজ দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিস্ফোৰক বেটছমেন মহেন্দ্ৰ সিং ধোনীৰ।

মহেন্দ্ৰ সিং ধোনীৰ এই নতুন ভূমিকাক লৈ ইন্টাৰনেট জগতত সৰৱ চৰ্চা চলিছে।

ক্ৰিকেট বিশ্বৰ পৰা যিকোনো সময়তে অৱসৰ গ্ৰহণৰ ঘোষণা কৰিব পাৰে ধোনীয়ে। ইতিমধ্যে ধোনীক কেতিয়াবা ফুটবলাৰ, কেতিয়াবা টেনিছ খেলুৱৈ বা সেনা জোৱানৰ ভূমিকাত দেখা গৈছে।

পিচে, এইবাৰ এই সকলো অতিক্ৰমি বলীউদত ভুমুকি মৰাৰ বাবে সাজু হৈছে অভিলেখ সৃষ্টিকাৰী উইকেটকীপাৰ-বেটছমেনগৰাকী।

ধোনীৰ জীৱনক লৈ পূৰ্বে চলচ্চিত্ৰ নিৰ্মাণো হৈছে। কিন্তু এইবাৰ চলচ্চিত্ৰত ধোনীয়ে অভিনয় কৰাৰ বাবে সাজু হোৱাৰ খবৰ ওলাইছে।

দেশক বিশ্বকাপ বিজয়ৰ সোৱাদ দিয়া প্ৰাক্তন অধিনায়কগৰাকী শেহতীয়া এক সমীক্ষাত ভাৰতৰ জনপ্ৰিয় ব্যক্তিৰ তালিকাত শীৰ্ষৰ দ্বিতীয় স্থানত আছে।

ক্ৰিকেট জগতৰ নায়কগৰাকী এইবাৰ অভিনেতা হিচাপে অৱতীৰ্ণ হোৱাৰ বাবে আগবাঢ়িছে। বলীউদৰ এখন চৰ্চিত চলচিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে।

ধোনীয়ে অভিনয় কৰিবলগীয়া চলচ্চিত্ৰখনৰ নাম হৈছে ‘ডগ হাউছ’। চলচ্চিত্ৰখনৰ মূল ভূমিকাত থাকিব সঞ্জয় দত্ত। ছবিখনত সুনীল ছেট্টী আৰু ইমৰাণ হাছমী তথা মাধৱনেও অভিনয় কৰাৰ সম্ভাৱনা আছে।

আনহাতে, ছবিখনত আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ‘পদ্মাৱত’ আৰু ‘সঞ্জু’ খ্যাত জিম চাৰ্ভেক। ছবিৰ পৰিচালনা সমীৰ কৰ্ণিক। অহা বছৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব।

বৰ্তমান ধোনীয়ে ক্ৰিকেটৰ পৰা ছুটী লৈ ৰাঁচীত পৰিয়ালৰ সৈতে সময় কটাইছে। তদুপৰি, টেনিছ খেলি ফিটনেছ অটুট ৰখাৰ চেষ্টা কৰিছে মাহীয়ে।

ইয়াৰ পূৰ্বে ধোনীয়ে বহু বিজ্ঞাপনত অংশ লৈছে যদিও এইবাৰ প্ৰথম চলচ্চিত্ৰত অভিনয় কৰিবলৈ আগবাঢ়িছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd