শিশুক প্ৰহাৰঃ আহত শিশুৰ খবৰ লোৱা নাই ধুবুৰী আৰক্ষী, প্ৰশাসনে
ধুবুৰী জিলা আৰক্ষী প্ৰসাশনৰ বাবে আজি অনিশ্চয়তাত ভুগিছে চাপৰ’ৰ এটি পৰিয়াল। যোৱা ৭ অক্টোবৰ তাৰিখে চাপৰ’ৰ থানাৰ শালকোচী আৰক্ষী চকী’ত সংঘটিত হৈছিল এক অঘটন।
অঘটনটোত আৰক্ষী কনিষ্টবল সিৰেশ সেনগুপ্তৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হৈছিল পিতৃ ইয়াকুব আলী আৰু কন্যা স্মৃতা খাতুন। মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত স্মৃতাক প্ৰথমে বঙাইগাঁও আৰু বৰ্তমানে আৰ্থিক অভাৱৰ বাবে নিজ বাসগৃতে চিকিৎসা অব্যাহত ৰাখিছে স্মৃতাৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে। অৱশেষত দৰিদ্ৰ পৰিয়ালটোৰ কাষ চাপিল ২৭নং বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ।
পৰিয়ালটোক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ভৱিষ্যতেও সহায় কৰাৰ আশ্বাস প্রদান কৰে। কিন্তু আশ্চর্যজনক কথা যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কনিষ্টবল সিৰেশ সেনগুপ্তক নিলম্বিত কৰিয়ে দায়িত্ব সামৰাৰ পথত প্ৰশাসন।
দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পিছত আৰক্ষী প্ৰসাশন কিম্বা বিভাগীয় কতৃপক্ষই পৰিয়ালটোক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ আশংকা কৰা হৈছে।