• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিশিষ্ট সাহিত্যিক ড.লক্ষ্মীনন্দন বৰাৰ স্মৃতিচাৰণ সভা

তিলক প্ৰসাদ by তিলক প্ৰসাদ
June 10, 2021 8:11 pm
Lakshinandan-Bora-721x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত অসমৰ প্ৰথিতযশা সাহিত্যিক ,ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড.লক্ষ্মীনন্দন বৰাৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ।

১০ জুন তাৰিখে ৱেব সন্মিলনৰ জৰিয়তে অনুষ্ঠিত সভাখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ।

Apply Now

অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই কয় যে ১৯৫৬ চনৰ শেষৰ ভালে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ তদানীন্তন অধ্যক্ষ অসমীয়া ভাষা -সাহিত্য -সংস্কৃতিৰ এগৰাকী জাগ্ৰত প্ৰহৰী যাদৱ নাৰায়ণ দাসে লক্ষ্মীনন্দন বৰাক ধুবুৰীলৈ লৈ আহি ভোলানাথ মহাবিদ্যালয়ত প্ৰবক্তা পদত নিয়োজিত কৰিছিল ।

পৰৱৰ্তী দিনত তেওঁৰ অফুৰন্ত প্ৰতিভাৰ উমান পাই অধ্যক্ষ যাদৱ নাৰায়ণ দাসে এখন পত্ৰ লিখি লক্ষ্মীনন্দন বৰাৰ হাতত দি কৈছিল এইখন লৈ যোৱা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক দিবা আৰু অধ্যাপকৰ পদত যোগদান কৰিবা ।

তোমাক ইয়াত ৰাখি থ’লে নহ’ব |তোমাক অসমীয়া ভাষা -সাহিত্যৰ বাবে অতিকৈ প্ৰয়োজন আছে ।
ধুবুৰীৰ বৰ্ণাঢ্য জীৱনে ড.বৰাক ভিন্নসুৰী সাহিত্য ৰচনাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল ।
ড.বৰাই নিজ মুখে স্বীকাৰ কৰি গৈছে যে যদি তেওঁ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়লৈ নাহিলহেঁতেন তেওঁৰ সাহিত্যত ইমান যশ প্ৰাপ্তি হ’ল হয় নে নাই সেয়া সন্দেহৰ বিষয় ।

অনুষ্ঠানৰ মুখ্য অতিথিৰ ভাষণত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে ড.লক্ষ্মীনন্দন বৰাৰ বৰ্ণাঢ্য সাহিত্য সম্ভাৰৰ লগতে জীৱন পৰিক্ৰমাৰ বিষয়ে আলোচনা কৰে ।

বিশিষ্ট অতিথিৰ ভাষণত ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ে ড.লক্ষ্মীনন্দন বৰাৰ বহুমুখী প্ৰতিভাৰ বিষয়ে অৱগত কৰে ।

নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড.প্ৰসন্ন কুমাৰ নাথে ।চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ধুবুৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক ড.উমেশ দাসে ড.লক্ষ্মীনন্দন বৰাৰ সাহিত্যিক জীৱনৰ বিষয়ে আলোকপাত কৰে ।
নৱ প্ৰজন্মৰ যুৱ সাহিত্যিক মাজুলীৰ শংকু সিদ্ধ নাথে ড.লক্ষ্মীনন্দন বৰাৰ সাহিত্যৰ মূল আকৰ্ষণীয় শক্তিৰ ওপৰত আলোকপাত কৰে ।কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰমেন ভৰালীয়ে ড.লক্ষ্মীনন্দন বৰাৰ লগত তেওঁৰ সান্নিধ্য স্মৰণ কৰে ।
ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড.অলকা শৰ্মাই ড.বৰাৰ গল্প সাহিত্যৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ মহানুভৱতাৰ বিষয়ে দোহাৰে ।

jk

ড.বৰাৰ জন্মস্থানৰ নিকটবৰ্তী অঞ্চলৰ ব্যক্তি তথা ভোলানাথ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড.শান্তনু শৰ্মাই ড.লক্ষ্মীনন্দন বৰাৰ সান্নিধ্যৰ সোঁৱৰণ কৰে ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মিহিৰ দাসে ড.বৰাৰ গল্প আৰু উপন্যাস সাহিত্যৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়ে ।

শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে ড.লক্ষ্মীনন্দন বৰাৰ সান্নিধ্য ,তেওঁৰ বহুমূলীয়া ভাষণৰাজিৰ ওপৰত বক্তব্য আগবঢ়াই ।জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ড.বৰাৰ জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে অনুষ্ঠানৰ শলাগ জ্ঞাপন কৰে ।

জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণী ঘোষণা কৰা হয় ।ৱেব সন্মিলনখনত অসমৰ বিভিন্ন ঠাইৰ ব্যক্তি বিশেষৰ লগতে মহাবিদ্যালখনৰ শতাধিক ছাত্ৰ -ছাত্ৰী , অধ্যাপক -অধ্যাপিকাই অংশ গ্ৰহণ কৰে ।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd