DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাপৰ, চৈবাৰী আৰু কৃষ্ণ কলি চাহ বাগিচাত কিমানে পাইছে বিশুদ্ধ খোৱাপানী? বুজ ল’লে ধুবুৰীৰ উপায়ুক্ত আন্বামাথুনে

তিলক প্ৰসাদ by তিলক প্ৰসাদ
August 5, 2021 5:11 pm
kl
260
VIEWS
Share on FacebookShare on Twitter

পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী , কৃষ্ণ কলী আৰু চাপৰ চাহ বাগিচা অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ চলি থকা কাম কাজ সম্পৰ্কে বুজ লবলৈ ধুবুৰী জিলাৰ উপায়ুক্ত আন্বামাথুনে উক্ত অঞ্চল পৰিভ্ৰমণ কৰে। তেওঁ বতৰদল , কৃষ্ণকলী আৰু চৈবাৰী গীৰ্জা ঘৰৰ সমীপত অৱস্থিত ফলিমাৰী (এ) খোৱাপানী যোগান আচনি পৰিদৰ্শন কৰে।

ইয়াৰোপৰি অঞ্চলটোৰ কেবাগৰাকী হিতাধিকাৰী পৰিয়ালৰ গৃহত উপস্থিত হৈ এই আঁচনি তথা পৰিয়ালৰ সদস্যৰ লগত মত বিনিময় কৰি সুবিধা অসুবিধা সম্পৰ্কে বুজ লয় । উপায়ুক্তগৰাকীৰ এনে কাৰ্যত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

জানিব পৰা মতে ধুবুৰী জিলাৰ বিলাসীপাৰা উপ – সংমণ্ডল অধীনস্থ চাপৰ থানাৰ অন্তৰ্গত তিনিখন চাহ বাগিচাত জল জীৱন আঁচনিৰ সফল ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষৰ অহা ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ চাহ বাগিচা এলেকাৰ প্ৰতিটো পৰিয়ালত নলাৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে নিৰ্দেশ দিছে ।

জল জীৱন আঁচনিৰ অধীনত ঘৰে ঘৰে নলা যুক্ত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা এটি লেখত লবলগীয়া পদক্ষেপ বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

চাপৰ , কৃষ্ণ কলী আৰু চৈবাৰী চাহ বাগিচা অঞ্চলত উক্ত পানী যোগান আঁচনিৰ কাম পৰিদৰ্শন কালত উপায়ুক্ত আন্বামাথুনৰ লগত ধুবুৰী জিলাৰ উন্নয়ন আয়ুক্ত কান্তা দাস , বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি জয় শিৱানী ,চক্ৰ বিষয়া শান্তনু গগৈ , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ(বিলাসীপাৰা) সহকাৰী কাৰ্যবাহী অভিযন্তা জয়নাল আবেদন আহমেদ , শাখা বিষয়া (জনস্বাস্থ্য কাৰিকৰি ) কাজল কিৰণ বসুমতাৰী আদি উপস্থিত আছিল।

ইয়াৰোপৰি আছাৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ৰেজান হৰ , পঞ্চায়ত সভাপতি দ্বয় জুনুল বাগে আৰু লালদেৱ শায়েমা আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জানিব পৰা মতে উক্ত তিনি খন চাহ বাগিচা অঞ্চলত ১২০০ (এক হাজাৰ দুশৰো) অধিক হিতাধিকাৰীৰ গৃহত নলা (টেপ) সংযুক্ত কৰি খোৱা পানী যোগান ধৰা হব ।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd